Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পলাশবাৰীত এজেপিৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীৰ মনোনয়ন পত্ৰ দাখিল

  মিৰ্জা, ১৮ মাৰ্চ: ৫০ নং পলাশবাৰী বিধান সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখি...

 


মিৰ্জা, ১৮ মাৰ্চ: ৫০ নং পলাশবাৰী বিধান সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰি ৰাইবড়ীস্থিত লক্ষ্মী মন্দিৰৰ খেলপথাৰত উপস্থিত হোৱাৰ লগে লগে সমৰ্থকসকলে উষ্ম আদৰণী জনায়। ইয়াৰ পিছতে দুই সহস্ৰাধিক লোকৰ সৈতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এক বিশাল শোভাযাত্ৰা কৰি মিৰ্জা, বিজয়নগৰ ৰামপুৰ হৈ বাটৰহাটস্থিত কাৰ্যালয়ত উপস্থিত হয়। শোভাযাত্ৰাত জাতীয় পৰিষদৰ প্ৰতীক 'জাহাজ', সমৰ্থকসকলে দলীয় পতাকা, পংকজ লোচন গোস্বামী জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে পলাশবাৰীৰ আকাশ-বতাহ কপাই তোলে। সমৰ্থকসকলৰ লানি নিচিগা সোঁত আৰু উৎসাহে পলাশবৰীয়া ৰাইজৰ মাজত আঞ্চলিকতাবাদৰ প্ৰভাৱ পৰা বুলি সচেতন মহলে চৰ্চা কৰাও পৰিলক্ষিত হল। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে আজিৰ এই বিশাল সমদলত অংশ গ্ৰহণ কৰা ৰাইজৰ বিপুল সহাৰী পাই অভিভূত হৈ পৰাৰ লগতে নিৰ্বাচনত জয়লাভ নিশ্চিত বুলি মন্তব্য কৰে। নিৰ্বাচন গোস্বামীৰ প্ৰতিদ্বন্দি কোনো দলৰ প্ৰাৰ্থী হ'ব নোৱাৰে তেওঁ নিজে প্ৰতিদ্বন্দি বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

No comments