Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঋতুপৰ্ণসহ বহু হাজাৰ বিজেপি কৰ্মীক লৈ লাহোৱাল সমষ্টিৰ বাবে মনোনয়ন দিলে বিনোদ হাজৰিকাই

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৮ মাৰ্চ : ডিব্ৰুগড়ত আগন্তুক বিধানসভাৰ নিৰ্বাচনী ধুমুহা প্ৰৱল গতিত বলিছে। ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়া কি ৰূপ লয় ক...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৮ মাৰ্চ : ডিব্ৰুগড়ত আগন্তুক বিধানসভাৰ নিৰ্বাচনী ধুমুহা প্ৰৱল গতিত বলিছে। ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়া কি ৰূপ লয় কোনেও নাজানে বাবেই হয়তো মানুহে খেল বুলি কয়। নহ'লেনো লাহোৱাল সমষ্টিৰ জনপ্ৰিয় বিধায়ক ঋতুপৰ্ণ বৰুৱাক টিকটৰ পৰা  বঞ্চিত কৰি  চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই লাহোৱাল সমষ্টিৰ পৰা বিজেপিৰ আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ টিকট লাভ কৰি ঋতুপৰ্ণকে লগত লৈ হাজাৰ হাজাৰ দলীয় কৰ্মীসহ ঢোলে- দগৰে নাচি - বাগি মনোনয়ন দিবলৈ সক্ষম হয়নে বুলি মন্তব্য কৰিছে একাংশ ৰাইজে। বিগত সময়ত ঋতুপৰ্ণ বৰুৱা আছিল লাহোৱাল সমষ্টিৰ জনপ্ৰিয় তথা সকলো সময়তে ৰাইজৰ মাজত থাকি বহু উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হোৱা বিজেপিৰ বিধায়ক। উল্লেখ্য যে, চাবুৱা সমষ্টিৰ বাবে বৰ্তমান বিজেপিৰ মিত্ৰযোঁট অগপই চাবুৱা সমষ্টি দাবী কৰাত পোনাকন বৰুৱাক চাবুৱাত টিকট দি পূৰ্বৰ  চাবুৱাৰ বিজেপিৰ  নিষ্ঠাৱান কৰ্মী তথা বিধায়ক বিনোদ হাজৰিকাক আনি লাহোৱাল সমষ্টিৰ বাবে টিকট দিয়ে। ইয়াৰোপৰি চাবুৱাৰ অগপৰ প্ৰাৰ্থী পোনাকন বৰুৱা হ'ল ঋতুপৰ্ণ বৰুৱাৰ জেষ্ঠ ভাতৃ।গতিকে ভাতৃৰ বাবেই এইবাৰ বিধায়কৰ আসনৰ বাবে টিকটৰ পৰা বঞ্চিত হ' ল ঋতুপৰ্ণ বৰুৱা ।এই বিষয়টো লৈ  লাহোৱাল সমষ্টিৰ ৰাইজ তথা বিজেপিৰ ভিতৰচোৱাত দলীয় কৰ্মীৰ মাজত তুমুল মতানৈক্য তথা অসন্তুষ্টিৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত দলীয় আনুগত্য প্ৰকাশ কৰি বিনোদ হাজৰিকাক আদৰি লয় লাহোৱাল সমষ্টিৰ বিজেপিৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়াই। তাৰে অংশ হিচাপে আজি সকলো একত্ৰিত হৈ নাচি-বাগি লাহোৱাল সমষ্টিৰ বিধায়ক পদৰ বাবে বিনোদ হাজৰিকাৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সদলবলে যোগদান কৰে। আজি এই যাত্ৰাত অংশগ্ৰহণ কৰি ঋতুপৰ্ণ বৰুৱাই কয় যে, কংগ্ৰেছ কোনো  ফেক্টৰ নহয়,লাহোৱাল সমষ্টিত বিজেপি কমেও ৫০ হাজাৰ ভোটত জয়যুক্ত হ'ব, অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হ' ব বুলি মন্তব্য কৰে। লগতে , আমি লাহোৱাল সমষ্টিটো মুখ্যমন্ত্ৰীক ইতিমধ্যে দিলোৱেই আৰু আজিৰ পৰা বাকীথকা দিনকেইটাত আমি লাহোৱাল সমষ্টিৰ প্ৰত্যেক ভোটাৰৰ কাষত ঠিয় হ' ম বুলিও মন্তব্য কৰিলে। আগন্তুক বিধানসভা নিৰ্বাচনৰ বিধায়ক প্ৰাৰ্থী বিনোদ হাজৰিকাই সমূহ লাহোৱাল সমষ্টিৰ ৰাইজক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে চাবুৱাত অগপৰ প্ৰাৰ্থী পোনাকন বৰুৱাকো জয়যুক্ত কৰাবলৈ সকলোকে আহ্বান জনায়। এতিয়া ৰাইজ ৰৈ আছে শেষ হাঁহি কোনে মাৰে চাবলৈ। 

( ৰশ্মিৰেখা সাউদ কলিতা ।ডিব্ৰুগড়  )

No comments