Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঢেকীয়াজুলিত চাঞ্চল্যকৰ ঘটনা

  গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি, ১৪মাৰ্চঃ ৰাজ্যত ২৭মাৰ্চত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলেই যুদ্ধ কালীন তৎপৰতাৰে নিৰ্বাচন...

 


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি, ১৪মাৰ্চঃ ৰাজ্যত ২৭মাৰ্চত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলেই যুদ্ধ কালীন তৎপৰতাৰে নিৰ্বাচনী যুঁজত নামিছে৷সমষ্টিয়ে -সমষ্টিয়ে নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে৷ঢেকীয়াজুলি সমষ্টিতো শাসক বিৰোধী প্ৰতিটো দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ এক চাঞ্চল্যকৰ আৰু ৰহস্যজনক ঘটনা সংঘটিত হৈছে৷নিৰ্বাচনী যুঁজত ঢেকীয়াজুলি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা এজন প্ৰাৰ্থীৰ ১৯বছৰীয়া পুত্ৰ যোৱা ৫দিন ধৰি ৰহস্যজনক ভাবে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷নৱ গঠিত হিন্দু বাঙালি সংগঠনৰ ৰাজনৈতিক দল ভাৰতীয় গণ পৰিষদ(বিজিপি)ৰ ঢেকীয়াজুলিৰ প্ৰাৰ্থী তথা ভোটপাৰাৰ নিবাসী সঞ্জয় দে’ৰ ১৯বছৰীয়া পুত্ৰ পথিক দে বিগত পাচদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷দিনৰ ভাগতে ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা পথিক দে’ৰ নাই শুংসুত্ৰ৷ভাৰতীয় গণ পৰিষম দলৰ প্ৰাৰ্থী সঞ্জয় দে এতিয়া নিৰ্বাচনী প্ৰচাৰ সভা এৰি নিজৰ পুত্ৰক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷পথিক দেৰ মবাইল ফোন বৰ্তমানলৈকে বন্ধ হৈ থকাটোৱে গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ইপিনে পুত্ৰ সন্ধানহীন হৈ থকা বিষয়টোৱে ৰাজনীতিৰ গোন্ধ পাইছে সঞ্জয় দে৷তেওঁৰ অভিযোগ মনোনয়ণ পত্ৰ দাখিল কৰাৰ পিছতেই একাংশই তেওঁক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব লাগে বুলি হেচা প্ৰয়োগ কৰিছিল৷কিন্তু তেওঁ নিজৰ স্থিতিত অটল থাকি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰিলে৷ইয়াৰ পিছতেই তেওঁৰ পুত্ৰ সন্ধানহীন হৈ হয়৷ঘটনাৰ আঁৰত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী সঞ্জয় দে৷পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো সুফল লাভ কৰা নাই এই মুহূৰ্তলৈকে ৷সেয়া যিয়েই নহওক নিৰ্বাচনী যুঁজত নমা এটা দলৰ প্ৰাৰ্থীয়ে এতিয়া নিৰ্বাচনী প্ৰচাৰ এৰি নিজৰ পুত্ৰক বিচাৰিব লগীয়া হোৱা বিষয়টো ৰহস্যৰ সৃষ্টি হৈছে৷ইফালে বিষয়টোৰ সন্দৰ্ভত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তকো অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনায় সঞ্জয় দেই৷তাৎপৰ্যপূৰ্ণ যে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ঢেকীয়াজুলিৰ ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী সঞ্জয় দেৰ পুত্ৰ কত হেৰাল৷ইয়াৰ আঁৰৰ ৰহস্য কৰি ৷যাকলৈ উঠিছে বিভিন্ন প্ৰশ্ন৷সঞ্জয় দে অভিযোগ কৰা ধৰনেই তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নেকি?নে অন্য কিবা কাৰণত ঘৰৰ পৰা ওলাই গৈছে পথিক দে নামৰ যুৱক জন৷সকলো প্ৰশ্নৰ উত্তৰ হয়তো আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব বা তেওঁৰ পুত্ৰ উদ্ধাৰ হ’লেহে স্পষ্ট হব৷

No comments