Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিধায়ক ইছলামক পহু খেদা দিবলৈ সাজু ধিং সমষ্টিৰ ভুক্তভোগী সাধাৰণ ভোটাৰ

  গণ বাৰ্তা, ধিং, ৩ মাৰ্চ : ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত একমাত্র ব্যতিক্ৰমী সমষ্টি হল ধিং সমষ্টি আৰু ব্যতিক্ৰমী বিধায়ক ধিং সমষ্টিৰ অকমন্য বি...

 


গণ বাৰ্তা, ধিং, ৩ মাৰ্চ : ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত একমাত্র ব্যতিক্ৰমী সমষ্টি হল ধিং সমষ্টি আৰু ব্যতিক্ৰমী বিধায়ক ধিং সমষ্টিৰ অকমন্য বিধায়ক আমিনুল ইছলাম। তেখেত এনে এজন জনপ্ৰতিনিধি যে কেৱল দুৰ্নীতি, কেলেংকাৰী আৰু বিতর্কিত কথাৰে দহটা বছৰত ইতিহাস ৰচিলে বাকি ১২৬ টা সমষ্টিৰ জনপ্ৰতিনিধিৰ ভিতৰত। ২০১১ চনৰে পৰা বিধায়ক হৈ থকা এইজন বিধায়ক আমিনুল ইছলামে প্ৰতিনিধিত্ব কৰা ধিং সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখন দেখিলে আপুনি হয়তো ভাবি আচৰিত হব যে- সচাকৈয়ে এইখন অসমতে এনে এখন পিছপৰা সমষ্টিত এনে এজন জনপ্ৰতিনিধিয়ে আজি দহটা বছৰে আচলতে কি কৰিলে। বিধায়ক মহোদয়, সময় হলে এই প্ৰতিবেদনটি আপুনিও এবাৰ মন দি পঢ়িব। মনত ৰাখিব বিধায়ক মহোদয় ফটোৱে কোনো দিন মিছা কথা নকয়। এই পিছ পৰি সমষ্টিটোত আজি দহটা বছৰে বিধায়ক হৈ কি কৰিলে কি নকৰিলে সেয়াৰ হিচাপ দিয়াৰ সময় সমাগত। সমষ্টিবাসীও অপেক্ষাত ৰৈ আছে আপোনাৰো দহ বছৰীয়া কাৰ্যকালৰ হিচাপ লবলৈ। সেয়েহে ২০২১ ৰ বিধানসভা নির্বাচনত আপুনি ভোট বিচাৰি যাওতে কি উত্তৰ দিব সমষ্টিবাসীক তাৰ কথাও চিন্তা কৰক এবাৰ। উল্লেখ্য যে, বিধায়ক আমিনুল ইছলামৰ ধিং সমষ্টিত আজি ছয় সাতটা বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বহাৰা হৈ আছে ধিং সমষ্টিৰ কেইবা শ পৰিয়াল। মাটি ভেটি হেৰুৱাই এই সকল পৰিয়ালে এতিয়া আশ্রয় লৈছে আছে কেৱল ভগ্ন মথাউৰিত। এইক্ষেত্ৰত কাণষাৰ নাই সদা বিতর্কিত জনপ্ৰতিনিধি আমিনুল ইছলামৰ লগতে ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ। বিগত সাতটা বছৰত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হল এই ধিং সমষ্টিৰ পাচঁ খনকৈ গাওঁ। এই গাওঁ কেইখন হ'ল লেৰুৱাৰমুখ, মোৱামৰী, গতিকৰা, বিৰিঙাবাড়ি আৰু কাজলী পথাৰ। এই পাঁচখন গাঁৱৰে এসময়ৰ শ শ আদৰ্শ খেতিয়ক গৈ হল এতিয়া পথৰ ভিক্ষাৰী। জীৱ জন্তুত কৈও শোচনীয় এতিয়া এইসকল কৃষকৰ জীৱন-যাপন প্ৰক্ৰিয়া। কিয়নো বছৰজুৰি শস্যৰে নদন বদন হৈ থকা গাওঁ কেইখন এতিয়া বক্ষপুত্ৰৰ কঢ়াল গ্ৰাসত। দিন হাজিৰা কৰি কোনোমতে এবেলা এমুঠি যোগান দি পৰিয়াল পোহ পাল দিছে এই সকল দুৰ্ভগীয়া খেতিয়কে। আচৰিত ভাবে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে দুটাকৈ কার্যকালত এই সকল দূৰ্ভগীয়া পৰিয়ালৰ খবৰ লবলৈ আহৰি নেপালে এবাৰো। এই ক্ষেত্ৰত সম্পূর্ণ উদাসীন সাংসদ গৌৰৱ গগৈয়ো। সাংসদ গৰাকীৰো এবাৰো সময় নহল এইসকল ৰাইজৰ খবৰ লবলৈ। এক দুৰ্বিসহ জীৱন অতিবাহিত কৰা গৰাখহনীয়াত আক্ৰান্ত পৰিয়ালৰ আৰ্তনাদ শুনাৰ যেণ সময় নাই বিধায়ক আমিনুল ইছলাম কিম্বা চৰকাৰৰ। সমাগত ২০২১ ৰ বিধানসভা নির্বাচন। আগন্তুক বিধানসভা নির্বাচনত বিধায়ক আমিনুল ইছলামক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এইসকল ভূক্তভোগী সাধাৰণ ভোটাৰ সকল। কিয়নো এই জন অকমন্য বিধায়কক ৰাইজে দেখা পাই কেৱল নিৰ্বাচনৰ সময়ত হে। সেয়েহে এইবাৰ এইসকল সাধাৰণ ভোটাৰে বিধায়ক জনক ভোট বিচাৰি গলে পহু খেদা দিবলৈ আগতীয়াকৈ সাজু হৈছে বুলি জানিবলৈ দিছে। আগন্তুক বাৰিষাৰ পূৰ্বে জল সম্পদ বিভাগে বিহীত ব্যৱস্থা গ্রহণ নকৰিলে ভগ্ন মথাউৰিত আশ্রয় লৈ থকা পৰিয়াল সমূহ আশ্রয় হীন হৈ পৰাটো প্ৰায় খাটাং। গতিকে এই ক্ষেত্ৰত নজৰ দিয়ক জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও। নহলে যে এইবাৰ ৰাইজে উচিত প্ৰত্যুতৰ দিব আপোনাকো।

No comments