গণ বাৰ্তা বিশেষ,গোলাঘাট ১৫ মাৰ্চঃ গেৰুৱা দলত যোগদান কৰি বিজেপিৰ পৰা গোলাঘাট বিধান সভা সমষ্টিত দলীয় টিকট লাভ কৰি প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হোৱাৰ ...
গণ বাৰ্তা বিশেষ,গোলাঘাট ১৫ মাৰ্চঃ গেৰুৱা দলত যোগদান কৰি বিজেপিৰ পৰা গোলাঘাট বিধান সভা সমষ্টিত দলীয় টিকট লাভ কৰি প্ৰতিদণ্ডিতাত অৱতীৰ্ণ হোৱাৰ পাচত ন-বিজেপি অজন্তা নেওগ প্ৰবল প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে । আজি সাংগো-পাংগোসহ অজন্তা নেওগ সমষ্টিটোৰ বালিজান গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি চাহ বাগিচালৈ নিৰ্বাচনী প্ৰচাৰলৈ যোৱা অ্ৱস্থাত আটছা আৰু চাহ শ্ৰমিকৰ তীব্ৰ বিক্ষোভৰ সন্মূখীন হয় । অজন্তা নেওগ,মুৰ্দাবাদ গ' বেক ধ্বনীৰে উত্তাল কৰি তোলে আটছাৰ নেতা আৰু একাংশ চাহ শ্ৰমিকে । ক্ষোভিত আটছা কৰ্মী আৰু শ্ৰমিক ৰাইজে বাগিচা খনৰ পৰা একপ্ৰকাৰ পহুখেদা দিয়ে অজন্তা নেওগসহ লগত যোৱা বাহিনীক । গোলাঘাট বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ লগত যোৱা বাহিনীৰ মাজত হতাহতিৰো সৃষ্টি হয় । ততাতৈয়াকৈ উক্ত স্থান পৰিত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভভ হয় অজন্তা নেওগসহ কেইবাখনো গাড়ীত যোৱা বিজেপি কৰ্মী-নেতাৰ । উল্লেখ্য যে, অজন্তা নেওগৰ স্তাৱক বাহিনীৰ গুণ্ডাগিৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটছাৰ গোলাঘাট জিলা সমিতিয়ে । ন-বিজেপি অজন্তা নেওগে নিৰ্বাচনী প্ৰচাৰত গুণ্ডা বাহিনী লগত লৈ ফুৰাৰ মুকলি অভিযোগ কৰিছে আটছা গোলাঘাট জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাজীৱ চেত্ৰীয়াৰ । গোলাঘাট বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ মুকলি হুংকাৰ দিছে আটছা গোলাঘাট জিলা সমিতি আৰু চাহ শ্ৰমিকে ।
No comments