Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰত হেজাৰ হেজাৰ সমৰ্থকক লৈ বিজেপি প্ৰাৰ্থী হেমন্ত কলিতা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাৰ মনোনয়ন পত্ৰ দাখিল

জাতীয় পৰিষদৰ হৈ শৈলেন্দ্ৰ কুমাৰ হাজৰিকা,নিৰ্দলীয় এজনৰ মনোনয়ন দাখিল গণ বাৰ্তা ,তিতাবৰ :  তৰুণ গগৈ বিহীন তিতাবৰৰ আজি হেজাৰ হেজাৰ সমৰ্থকক লৈ কং...

জাতীয় পৰিষদৰ হৈ শৈলেন্দ্ৰ কুমাৰ হাজৰিকা,নিৰ্দলীয় এজনৰ মনোনয়ন দাখিল


গণ বাৰ্তা ,তিতাবৰ : তৰুণ গগৈ বিহীন তিতাবৰৰ আজি হেজাৰ হেজাৰ সমৰ্থকক লৈ কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱা আৰু বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাই মনোনয়ন পত্ৰ দাখিল কৰে।তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত তিতাবৰ বিভিন্ন অঞ্চলৰ পৰা ওলাই অহা হেজাৰ হেজাৰ কংগ্ৰেছৰ সমৰ্থকক লৈ ভাস্কৰ জ্যোতি বৰুৱাই তিতাবৰ মহকুমাধীপতি কাৰ্যলয়ত তিতাবৰ জিলা নিৰ্বাচনী বিষয়া হাতত মনোনয়ন পত্ৰ দাখিল কৰে।একেদৰে তিতাবৰত বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ সমৰ্থনত আজি ওলাই আহে বিভিন্ন প্ৰান্তত পৰা হেজাৰ হেজাৰ সমৰ্থক।তিতাবৰ নগৰৰ মাজ মজিয়াত থকা বিজেপি কাৰ্যলয়ত আয়োজন কৰা নাম প্ৰসংগ সেৱা লৈ হেমন্ত কলিতাই তিতাবৰ জিলা নিৰ্বাচনি বিষয়া ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।ঠিক একে দৰে অসম জাতিয় পৰিষদৰ তিতাবৰ সমষ্টিৰ প্ৰাৰ্থী শৈলেন্দ্ৰ কুমাৰ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ বিজেপিৰ,জাতীয় পৰিষদৰ লগতে তিতাবৰ বৰহোলাৰ দিলীপ গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে মনোনয়ন পত্ৰ দাখিল কৰে।তিতাবৰ সমষ্টিত কংগ্ৰেছৰ দুৰ্গত কংগ্ৰেছ বিজেপিৰ মাজতে তুমুল প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা দেখা দিছে।

No comments