Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজদিয়া আৰক্ষী চকীৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সম্বৰ্ধনা নৱ জাগৰণৰ মঞ্চৰ

গণ বাৰ্তা ,চেঙা, ২৯ ফেব্ৰুৱাৰীঃ সমাজৰ পৰা জুৱা, মদ, দুৰ্নীতি, ড্ৰাগছ, অপসংস্কৃতি আদি নিৰ্মূল কৰাৰ উদ্দেশ্যে জন্ম লাভ কৰা বেচৰকাৰী সংস্থা মা...


গণ বাৰ্তা ,চেঙা, ২৯ ফেব্ৰুৱাৰীঃ
সমাজৰ পৰা জুৱা, মদ, দুৰ্নীতি, ড্ৰাগছ, অপসংস্কৃতি আদি নিৰ্মূল কৰাৰ উদ্দেশ্যে জন্ম লাভ কৰা বেচৰকাৰী সংস্থা মাজদিয়া-গৰেমাৰী নৱ জাগৰণ মঞ্চই বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসক শনিবাৰে  সন্ধিয়া সম্বৰ্ধনা জ্ঞাপন কৰে। মাজদিয়া- গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে স্থানীয় সাংবাদিক তথা মাজদিয়া-গৰেমাৰী নৱ জাগৰণ মঞ্চৰ উপদেষ্টা তফিকুৰ ৰহমানে। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱ জাগৰণ মঞ্চৰ উপ-সভাপতি ৰাজিবুল ইছলামে। উক্ত সভাখনত অধিবক্তা আনোৱাৰ হুছেইনে মঞ্চৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। মাজদিয়া আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক পবিত্ৰ কলিতাই ভাষণ প্ৰসংগত দৰিদ্ৰ পৰিয়ালৰ চোকা ছাত্ৰ-ছাত্ৰীক নৱ জাগৰণ মঞ্চৰ জৰিয়তে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মাজদিয়া আৰক্ষী চকীৰ নৱ- নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত নৱ জাগৰণ মঞ্চৰ উদ্দেশ্য আৰু কাম-কাজৰ শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰে। আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক মধুৰ হ'লে সমাজত অপশক্তিয়ে গা কৰি উঠিব নোৱাৰে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে। ৰাইজৰ সহায়-সহযোগিতাই আৰক্ষীক কৰ্তব্য পালনত সহায় কৰে বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। নৱ জাগৰণ মঞ্চৰ শিক্ষা সম্পাদক চহিদুল ইছলামেও শিক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে আগন্তুক দিনত আৰক্ষী প্ৰশাসনৰ সহায়-সহযোগিতা কামনা কৰে।সভাখনত নৱ জাগৰণ মঞ্চৰ সম্পাদক আবিদুল ইছলাম(মাজু)কে ধৰি বিষয়ববীয়া-সদস্যসকল উপস্থিত থাকে।

No comments