গণ বাৰ্তা বিশেষ,ভৱানীপুৰ, ৮ মাৰ্চঃ নৱগঠিত বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক আজি বজালী জিলা আমছু'ৰ তৰফৰ পৰা এটি সজাতি দলে উপা...
গণ বাৰ্তা বিশেষ,ভৱানীপুৰ, ৮ মাৰ্চঃ নৱগঠিত বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক আজি বজালী জিলা আমছু'ৰ তৰফৰ পৰা এটি সজাতি দলে উপায়ুক্ত গৰাকীৰ কাৰ্যালয়ত গৈ অসমীয়াৰ স্বাভিমান জাপি,ফুলাম গামোছা আদিৰে বিশেষভাৱে আদৰণি জনায়। আমছুৰ সজাতি দলটোত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দ্বয় ক্ৰমে নজৰুল ইছলাম,নুৰজামাল ইছলাম আৰু বজালী জিলা আমছুৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰ লগতে জিলাখনৰ আমছু'ৰ কেইবাগৰাকী বিষয় ববীয়া। নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে নতুন জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ লোকক সম গুৰুত্ব আৰু মৰ্যদা দিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মৃগেশ নাৰায়ণ বৰুৱা নৱ গঠিত জিলাখনৰ দ্বিতীয় গৰাকী উপায়ুক্ত।
No comments