Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিৰ মুৰৰ কামুৰনি আৰম্ভ হোজাইত; লোক ৰক্ষা পাৰ্টিয়ে অসমৰ ২২ সমষ্টিত দিব প্ৰাৰ্থী

  কফিল বৰভুঞা,হোজাই ১ মাৰ্চ :  লোক ৰক্ষা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰাজ কুমাৰ গুপ্তাক কালি হোজাই সম্বৰ্ধনা জনোৱা হয় ৷ ইযাৰ পাছত সভাপতি গৰাকীয়ে এ...

 


কফিল বৰভুঞা,হোজাই ১ মাৰ্চলোক ৰক্ষা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰাজ কুমাৰ গুপ্তাক কালি হোজাই সম্বৰ্ধনা জনোৱা হয় ৷ ইযাৰ পাছত সভাপতি গৰাকীয়ে এখন সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত গুপ্তাই কয় সাম্প্ৰতিক পৰিস্থিতিৰ উপৰত লক্ষ্য ৰাখি আমি অসমৰ ২২টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা চিন্তা চৰ্চা কৰিছো বুলি মন্তব্য কৰে ৷ লগতে কয় লোক ৰক্ষা পাৰ্টিয়ে হোজাই, লামডিং আৰু যমুনামুখতো প্ৰাৰ্থী দিব৷  লোক ৰক্ষা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰাজ কুমাৰ গুপ্তাৰ সংবাদমেলৰ পিছত হোজাইৰ একাংশ বিজেৰি কৰ্মীৰ মাজত এতিয়া মূৰৰ কামুৰনি আৰম্ভ হৈছে ৷লোক ৰক্ষা পাৰ্টি অসম প্ৰদেশৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজ কুমাৰ গুপ্তাই হোজাইৰ  মধূমিতা গেষ্ট হাউচত এক সংবাদমেল আয়োজন কৰি কয় - অসম বিধানসভা নিৰ্বাচনত 'লোক ৰক্ষা পাৰ্টিয়ে হোজাই জিলাৰ তিনিটা সমষ্টিৰ লগতে অসমৰ আন ২২ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়, যোৱা বিধানসভা নিৰ্বাচনত অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁটক জিকাই চৰকাৰ গঠনৰ সুবিধা কৰি দিছিল কিন্তু চৰকাৰখনে অসমৰ জনতাৰ হিতৰ বিপৰীতে গৈ অসমত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি সকলো জাতি, জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া ঐক্য শান্তিত বিভাজনৰ সৃষ্টি কৰিছিল ৷ হোজাই সমষ্টিৰ প্ৰাৰ্থী হ'ব অসম প্ৰদেশৰ সভাপতি ৰাজ কুমাৰ গুপ্তা ৷হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী যিয়েই নহওক কিয়, লোক ৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী বিজেপিৰ অংকত আউল লগাব পাৰে বুলি সঘনাই চৰ্চিত হৈছে ৷ এই দলে আগন্তক সময়ত হোজাইৰ লগতে আন বাইছটা সমষ্টিত কি ধৰণৰ প্ৰভাৱ পেলায় সেয়া সময়ত লক্ষনীয় হব ৷

No comments