Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাকজানত যাত্ৰীৰ জিৰণি চ'ৰা মুকলি

গণ বাৰ্তা কাকজান,২ ফেব্ৰুৱাৰী: যোৰহাট জিলা কাকজানৰ ঐতিহাসিক লুকি শেনছোৱা পুখুৰীৰ পাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত উজ্জীবন স্মল ফাইনেন্স ক্ষ...



গণ বাৰ্তা কাকজান,২ ফেব্ৰুৱাৰী: যোৰহাট জিলা কাকজানৰ ঐতিহাসিক লুকি শেনছোৱা পুখুৰীৰ পাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত উজ্জীবন স্মল ফাইনেন্স ক্ষুদ্ৰ সঞ্চয় বেংকৰ সহযোগত লুকি শেনচোৱা পুখুৰীৰ সংৰক্ষণ সমিতিৰ উদ্যোগত এটা  যাত্ৰীৰ জিৰণি চ'ৰা নিৰ্মাণ কৰি  আজি শুভ উদ্বোধন কৰে । অনুষ্টানৰ প্ৰথমতে বন্তি প্ৰজ্বলন কৰে লুকিনাথ শেনচোৱাৰ পৰিনাতি চিত্ৰৰঞ্জন বৰুৱাই ।ইয়াৰ পিছতে কাকজান নৱ নিমিত্ত জিৰণি চ'ৰাতে উজ্জীবন বেংকৰ বিষয়া - কৰ্মচাৰী, লুকি শেনচোৱা সংৰক্ষণ  ,টাই আহোম ছাত্ৰ সন্থাৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ।সভাত উজ্জীবন বেংকৰ বিষয়া সকল ভাৰত সন্দিকৈ, হীৰেন দাস ,অনুপম শৰ্মা,প্ৰতিম পৰাশৰ উপস্থিত থকাৰ লগতে লুকি শেনচোৱা সংৰক্ষণ সমিতিৰ সভাপতি তুফেল জিলানী, টাই আহোম ছাত্ৰ সন্থাৰ জিলা সভাপতি ৰাজীৱ গগৈ ,২৩ নং মধ্য হোলোঙাপাৰ পঞ্চায়তৰ সভাপতি পৰাগ বৰগোহাঁই,সদস্য নৱজ্যোতি বৰা,পূব যোৰহাট প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি দিলীপ দত্ত,সাংবাদিক মানৱজ্যোতি বৰদলৈ স্থানীয় সমাজ কৰ্মী উমানন্দ বৰা উপস্থিত থাকি বক্তব্য আগবঢ়াই ।এই জিৰণি চ'ৰাটোৱে  ৰাইজৰ বহু অভাৱ দূৰ কৰাৰ লগে লুকি শেনচোৱাৰ ঐতিহাসিক বৰ পুখুৰীৰ সুন্দৰ্যবদ্ধণৰ কৰিব বুলি  বিশিষ্ট ব্যক্তি সকলে বক্তব্য আগবঢ়াই ।উল্লেখ যে লুকি শেনচোৱা বৰ পুখুৰী সুন্দৰ্যবদ্ধণৰ বাবে টাই আহোম ছাত্র সন্থা ,সংৰক্ষণ সমিতি আৰু গাঁও পঞ্চায়তৰ তৰফৰ পৰা পুখুৰী চাৰি দিশ পকী  কৰণ আৰু বিভিন্ন সুন্দৰ্যবদ্ধণৰ কাম কাজ চলাই থকা পৰিলক্ষিত হৈছে । 


No comments