Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদী ধৰ্মঘট; উত্তাল মোৰনাই চাহ বাগিচা

গণ বাৰ্তা, তামাৰহাট ২৪ ফেব্ৰুৱাৰী:  চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰী বৃদ্ধি, শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান আদিৰ  দাবীত গোসাই গাঁও মহকুমাৰ অন্তৰ্গত  মো...


গণ বাৰ্তা, তামাৰহাট ২৪ ফেব্ৰুৱাৰী: চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰী বৃদ্ধি, শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান আদিৰ  দাবীত গোসাই গাঁও মহকুমাৰ অন্তৰ্গত  মোৰনাই চাহ বাগিচাৰ শ্ৰমিক সকলে আজি চাহ বাগিচা খনত এক প্ৰতিবাদী ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে । অসম চাহ  মজদুৰ সংঘৰ অন্তৰ্গত মোৰনাই চাহ বাগিচা গোটৰ শ্ৰমিক সকলে আজি পূৱা  হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ মোৰনাই চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি  "চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক "  "শ্ৰমিক সকলক ভূমিৰ পট্টা প্ৰদান কৰক " "বি জে পি চৰকাৰ হায় হায় " "মালিক পক্ষ মিছলীয়া" "সৰু সৰু বাগিছাৰ শ্ৰমিকৰ নূন্যতম  মজুৰি নিৰ্ধাৰণ কৰক" আদি ধ্বনিৰে চাহ বাগিচা খনৰ পৰিবেশ উত্তাল কৰি তোলে।  উল্লেখযোগ্য যে অসম চাহ মজদুৰ সংঘই অসমৰ চাহ শ্ৰমিক সকলৰ মজুৰী১৬৭ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি কৰা, বকেয়া ধন আদায় দিয়া, চাহ শ্ৰমিক সকলোক ভূমিৰ পট্টা প্ৰদান কৰাৰ লগতে সৰু সৰু চাহ বাগিছা বোৰৰ শ্ৰমিক সকলৰ নূন্যতম মজুৰী নিৰ্ধাৰণ কৰাৰ বাবে অসম চৰকাৰ ওচৰত দাবী জনোৱাৰ লগতে  চাহ বাগিচাৰ মালিক পক্ষৰ ওচৰত বহু দিনৰ পৰাই দাবী জনাই আহিছে ।কিন্তু অসম চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলৰ উক্ত দাবী পূৰণ নকৰাত অসম চাহ মছদুৰ সংঘৰ অন্তৰ্গত মোৰনাই চাহ বাগিচা গোটৰ  শ্ৰমিক সকলে আজি প্ৰতিবাদী ধৰ্মঘট  কাৰ্যসূচী পালন কৰে । অতি শীঘ্ৰে অসম চৰকাৰে চাহ শ্ৰমিকৰ উক্ত দাবী পূৰণ নকৰিলে আগন্তুক বিধান সভা নিৰ্বাচনত বি জে পি দলটোক উচিত শিক্ষা দিব বুলি শ্ৰমিক সকলে সকিয়াই দিয়ে । 

No comments