Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমবাসীৰ প্ৰগতিৰ দ্বৈত ইঞ্জিন শক্তিশালী কৰাৰ সময়, অসমৰ পট্ৰ’লিয়াম খণ্ডৰ তিনিটা প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰী মোদী

গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধেমাজি জিলাৰ চ...


গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা ৩,২০৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অসমৰ পেট্ৰ’লিয়াম খণ্ডৰ তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা  কৰে। ইয়াৰ উপৰি তেওঁ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে¸ কামৰূপ জিলাৰ শুৱালকুছিত স্থাপন হ’বলগীয়া এখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে বঙাইগাঁও শোধনাগাৰত আজি ২,৫৮২ কোটি টকা ব্যয়ৰে মুকলি কৰা ভাৰতীয় তেল নিগমৰ ‘ইণ্ডোমেক্স’ প্ৰকল্পই শোধনাগাৰটোৰ ৰন্ধন গেছৰ উৎপাদন ক্ষমতা বছৰি ৫০ হাজাৰ মেট্ৰিক টনৰ পৰা ২৫৭ মেট্ৰিক টনলৈ, পেট্ৰ’ল উৎপাদনৰ সামৰ্থ্য বছৰি ২১০ হাজাৰ মেট্ৰিক টনৰ পৰা ৫৩৩ মেট্ৰিক টনলৈ আৰু খাৰুৱা তেল শোধনৰ সামৰ্থ্য  বছৰি ২.৩৫ মিলিয়ন মেট্ৰিক টনৰ পৰা ২.৭ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰিব।

 এই পদক্ষেপে অঞ্চলটোত ৰন্ধন গেছৰ প্ৰায় ৩৫ শতাংশ অভাৱ দূৰ কৰাৰ লগতে বহুসংখ্যক নতুন নিয়োজনৰ সুযোগ সৃষ্টি কৰিব। সেইদৰে ডিব্ৰুগড় জিলাৰ মধুবনত ৪৯০ কোটি টকা ব্যয়ৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অইল ইণ্ডিয়া লিমিটেডৰ ‘ছেকেণ্ডাৰী টেংক ফাৰ্ম’ প্ৰকল্পই  প্ৰতিষ্ঠানটোৰ দ্বাৰা উৎপাদিত খাৰুৱা তেলৰ মজুতকৰণৰ সামৰ্থ্য বহুগুণে বৃদ্ধি কৰিব। আনহাতে তিনিচুকীয়া জিলাৰ মাকুমৰ হেবেদা গাঁৱত ১৩২ কোটি টকা ব্যয়ৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অইল ইণ্ডিয়া লিমিটেডৰ ‘গেছ কম্প্ৰেছৰ ষ্টেচন’ প্ৰকল্পই তেলখাদসমূহলৈ উচ্চ চাপযুক্ত গেছৰ যোগান সুনিশ্চিত কৰি তৈল উত্তোলনত সহায় কৰিব, ফলত প্ৰতিষ্ঠানটোৰ খনিজ তেল খননৰ সামৰ্থ্য বছৰি ১৬,৫০০ মেট্ৰিক টন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। 

আনহাতে ৰাজ্যখনৰ উচ্চ আৰু কাৰিকৰী শিক্ষাৰ জগতত এক নৱতম সংযোজন হিচাপে প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৪৪.৯৮ কোটি টকা প্ৰকল্প ব্যয়ৰে ২৭৬ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে। এই মহাবিদ্যালয়খন অসমৰ সপ্তমখন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে পৰিগণিত হ’ব। সেইদৰে কামৰূপ জিলাৰ শুৱালকুছিত আজি আধাৰশিলা স্থাপন কৰা নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৫৪.৭১ কোটি টকা প্ৰকল্প ব্যয়ৰে ১১৬ বিঘা মাটিত নিৰ্মাণ কৰা হ’ব। এহ× উপলক্ষে চিলাপথাৰৰ পিয়াং চাপৰি-চিতলমাৰীত আজি আয়োজিত বিশাল জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে, দেশৰ নিৰ্মাণত অসমৰ অংশগ্ৰহণৰ বাবে, আজি দেশবাসীলৈ উৎসৰ্গিত কৰা আৰু আধাৰশিলা স্থাপন কৰা হ×মানবোৰ উন্নয়নমূলক আঁচনিৰ বাবে ধেমাজিৰ সাৰুৱা ভূমিৰ পৰা অসমবাসী ৰাহ×জক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

 প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল এদিন ভাৰতৰ বিকাশৰ নতুন হ×ঞ্জিন ৰূপে পৰিগণিত হ’ব বুলি তেওঁ এদিন যি কথা কৈছিল, আজি আমি সকলোৱে এয়া বাস্তৱত পৰিণত হোৱা লক্ষ্য কৰিছো। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আজিৰ পৰা আঠ দশকৰ পূৰ্বেই ‘জয়মতী’ ছবিৰ মাধ্যমেৰে অসমীয়া চিনেমাই যাত্ৰা আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে  কয় যে এই অঞ্চলটোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষু্ণপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ দৰে কেইবাগৰাকীও মহান ব্যক্তিত্বৰ জন্ম দিছে, যিয়ে অসমৰ সংস্কৃতিৰ গৌৰৱ বৃদ্ধি কৰিছে। বৃহৎ সম্ভাৱনাৰে পূৰ্ণ অঞ্চল হোৱা সত্ত্বেও পূৰ্বৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোক মাহীআইৰ চকুৰে চাইছিল বুলি আক্ষেপ কৰি তেওঁ কয় যে এহ× অঞ্চলটোৰ বাবে যাতায়াত-যোগাযোগ, চিকিৎসালয়, শিক্ষা প্ৰতিষ্ঠান, উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত পূৰ্বৰ চৰকাৰসমূহে কোনো গুৰুত্ব আৰোপ কৰা নাছিল। 

 বৰ্তমানৰ চৰকাৰে উত্তৰ পাৰৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে প্ৰদৰ্শন কৰা বৈষম্য আঁতৰ কৰিছে। উত্তৰ পাৰৰ জনসাধাৰণৰ অন্যতম সপোন বগীবিল দলং আৰু ব্ৰডগজ ৰে’লপথ সম্পূৰ্ণ কৰাৰ দৰে কাম বৰ্তমানৰ চৰকাৰে কৰিছে। অসমৰ অৰ্থনীতিত উত্তৰ পাৰৰ চাহ বাগিচাসমূহৰ বৃহৎ ভূমিকা আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এহ× চাহ বাগিচাবোৰত কাম কৰা আমাৰ ভাহ×-ভনীসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাও চৰকাৰৰ এক শীৰ্ষ প্ৰাথমিকতা। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ সন্তুলিত বিকাশৰ বাবে একেলগে কাম কৰি আছে আৰু হ×য়াৰ মুখ্য ভিত্তি হৈছে ৰাজ্যৰ আন্তঃগাঁথনি। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যৰ শাসনত থকা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ মন্ত্ৰৰে কাম কৰি অসমৰ দ্ৰুত বিকাশ সম্ভৱ কৰি তুলিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। আজি অসমে তিনি হাজাৰ কোটি টকাৰো অধিক পুঁজিৰ শক্তি আৰু শিক্ষা আন্তঃগাঁথনি প্ৰকল্পৰ এক বৃহৎ উপহাৰ লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এহ× প্ৰকল্পবোৰে শক্তি আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে অঞ্চলটোৰ পৰিচয় শক্তিশালী কৰিব আৰু অসমৰ প্ৰতীক হিচাপে কাম কৰিব। 

প্ৰধানমন্ত্ৰীয়ে ভাৰতক অবিৰতভাৱে স্বাৱলম্বী কৰি তোলাৰ প্ৰয়োজনীয়তাৰ লগতে পেট্ৰ’লিয়াম খণ্ডৰ শক্তি আৰু হ×য়াৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিগত বছৰসমূহত ভাৰতবৰ্ষত খাৰুৱা তেলৰ শোধন ক্ষমতা যথেষ্ট বৃদ্ধি পাহ×ছে। অসমৰ বঙাহ×গাঁও শোধনাগাৰৰো সামৰ্থ্য এই সময়ছোৱাত যথেষ্ট বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি আৰম্ভ কৰা গেছ হ×উনিট প্ৰকল্পটোৱে ৰাজ্যখনত এলপিজি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব আৰু অসম আৰু উত্তৰ-পূবৰ লোকসকলৰ বাবে জীৱন সহজ কৰি তুলিব। এই অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগো বৃদ্ধি কৰিব বুলি তেওঁ কয়।  প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দৰিদ্ৰ বাই-ভনীসকলক ড×জ্জ্বলা আঁচনিৰ জৰিয়তে চৰকাৰে পাকঘৰৰ ধোঁৱাৰ অসহনীয় যাতনাৰ পৰা মুক্ত কৰিছে। তেওঁ কয় যে  ২০১৪ চনলৈকে দেশৰ প্ৰতি ১০০টা পৰিয়ালৰ ভিতৰত মাত্ৰ ৫৫টা পৰিয়ালৰ ৰন্ধন গেছৰ সংযোগ আছিল। শোধনাগাৰ থকাৰ পাছতো অসমত এই সংখ্যা আছিল মাথোঁ ৪০টা।

 উজ্জ্বলা যোজনাৰ সহায়ত, অসমত এলপিজি ক’ভাৰেজ আজি প্ৰায় ১০০ শতাংশ হৈছে বুলি তেওঁ উল্লেখ কৰে। এহ×বাৰ কেন্দ্ৰীয় বাজেটত ১ কোটি দৰিদ্ৰ মহিলাক উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে গেছ সংযোগ, বিদ্যুৎ সংযোগ আৰু সাৰৰ অভাৱৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় সমাজৰ দৰিদ্ৰ লোকসকল। তেওঁ কয় যে স্বাধীনতাৰ সাত দশকৰ পাছতো বিদ্যুৎ নথকা দেশৰ ১৮,০০০ গাঁৱৰ বেছিভাগেহ× অসম আৰু উত্তৰ-পূবৰ আছিল। চৰকাৰে এই অৱস্থাৰ উন্নতিৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে গেছৰ অভাৱত অঞ্চলটোৰ কেহ×বাটাও সাৰ উদ্যোগ বন্ধ কৰা হৈছিল বা অসুস্থ বুলি ঘোষণা কৰা হৈছিল, যাৰ ফলত দৰিদ্ৰ, দুখীয়া আৰু মধ্যবিত্ত লোকসকলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিছিল।

  প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাৰ অধীনত পূব ভাৰতক বিশ্বৰ অন্যতম সৰ্ববৃহৎ গেছ পাহ×পলাহ×ন নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলৰ শক্তিশালী প্ৰতিভাই ‘আত্মনিৰ্ভৰ ভাৰত’ক উদ্‌গনি প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে বিগত বছৰবোৰত দেশত এনে এক পৰিৱেশ সৃষ্টি কৰিবৰ বাবে চৰকাৰে কাম কৰি আছিল, য’ত দেশৰ যুৱকসকলে ‘ষ্টাৰ্ট আপ’ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিব পাৰে। আজি সমগ্ৰ বিশ্বসহ ভাৰতৰ অভিযন্তাসকলক স্বীকৃতি প্ৰদান কৰিছে। অসমৰ যুৱকসকলৰ এক আশ্চৰ্যকৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্য চৰকাৰে এই ক্ষমতা বৃদ্ধি কৰাত ব্যস্ত হৈ আছে। 

উত্তৰ পাৰৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় আৰম্ভ হোৱাৰ লগতে অসম চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি অসমত কেইবাখনো অভিযান্ত্ৰিক মহাবিদ্যালয় গঢ় লৈ উঠিছে।  আমাৰ যুৱকসকলৰ প্ৰতিভাৰ সৰ্বোত্তম বিকাশ আৰু ব্যৱহাৰৰ বাবে চৰকাৰ সংকল্পবদ্ধ বুলি তেওঁ কয়।  প্ৰধানমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে নতুন শিক্ষানীতি ৰূপায়ণ কৰিবলৈ ‘অভাৰটাহ×ম’ কাম কৰি আছে। এহ× শিক্ষানীতিয়ে ৰাজ্যখনৰ উঠি অহা প্ৰজন্মক যথেষ্ট লাভান্বিত কৰিব। শিক্ষাৰ মাধ্যম স্থানীয় ভাষা হোৱাৰ বাবে  চাহ বাগিচাৰ শ্ৰমিক আৰু অনুসূচিত জনজাতিৰ শিশুসকল এই নীতিৰ দ্বাৰা বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে আঞ্চলিক ভাষাত চিকিৎসা শিক্ষাৰ সূচনাই সমাজৰ আটাহ×তকৈ দৰিদ্ৰ লোক এগৰাকীও যে চিকিৎসক হ’ব পাৰে সেয়া নিশ্চিত কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে কয় যে অসম চাহ, হস্ততাঁত আৰু পৰ্যটনৰ বাবে বিশ্বত জনাজাত। 

আত্মনিৰ্ভৰশীলতাহ× অসমৰ জনসাধাৰণৰ শক্তি আৰু ক্ষমতা বৃদ্ধি কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে চাহ উৎপাদনে এক আত্মনিৰ্ভৰ অসমৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাক শক্তিশালী কৰিব। তেওঁ কয় যে এনে পৰিস্থিতিত যেতিয়া হ×য়াৰ স্থানীয় যুৱক-যুৱতীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়ত সংশ্লিষ্ট খণ্ডৰ দক্ষতা আয়ত্ত কৰিব, হ× যথেষ্ট লাভজনক হিচাপে বিবেচিত হ’ব। তেওঁ লগতে কয় যে এহ× বছৰৰ বাজেটত জনজাতীয় অঞ্চলত শ শ নতুন একলব্য মডেল বিদ্যালয় খোলাৰ ব্যৱস্থা কৰা হৈছে, যিয়ে অসমকো লাভান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ খেতিয়কসকলৰ সম্ভাৱনা আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ একেলগে কাম কৰি আছে। তেওঁ কয় যে মৎস্য খণ্ডৰ বিকাশৰ  বাবে ২০,০০০ কোটি টকাৰ এক বৃহৎ আঁচনিও গ্ৰহণ কৰা হৈছে, যিয়ে অসমৰ মৎস্যপালকসকলকো উপকৃত কৰিব। তেওঁ লগতে কয় যে অসমৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী আন্তৰ্জাতিক বজাৰত উপলব্ধ কৰাৰ বাবেও চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। 

ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক উচ্চ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকলে দশক দশক ধৰি দেশ শাসন কৰিছিল, তেওঁলোকে দিছপুৰক দিল্লীৰ পৰা বহু আঁতৰত বুলি ধৰি লৈছিল। এহ× মানসিকতাহ× অসমৰ যথেষ্ট ক্ষতি কৰিছিল। কিন্তু এতিয়া দিল্লী দূৰত নাহ×, দিল্লী এতিয়া অসমবাসীৰ দুৱাৰডলিত থিয় হৈ আছে। অসমবাসীৰ বাবে এয়া ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতিৰ দ্বৈত হ×ঞ্জিন শক্তিশালী কৰাৰ সময় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ সহযোগিতাহ× অসমৰ প্ৰগতিৰ গতি আৰু ত্বৰান্বিত কৰিব আৰু ৰাজ্যখনক¸ উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব। সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আজিৰ দিনটো অসমৰ বাবে এক স্মৰণীয় দিন। কংগ্ৰেছৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰক সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল। 

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ বিকাশৰ বাবে যিবোৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ ফলত আজি অসমে দোপতদোপে আগবাঢ়ি যাবলৈ সক্ষম হৈছো। মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান ধেমাজি হৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ প্ৰায় ১৭খন ৰে’ল অহা-যোৱা কৰে। যাতায়াত-যোগাযোগৰ জৰিয়তে আমি বিকাশৰ পথত ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ শক্তি পাইছো। এই শক্তিৰ অন্তৰালত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ধেমাজিত অভিযান্ত্ৰিক মহাবিদ্যালয়, গোগামুখত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, লখিমপুৰত মেডিকেল কলেজ স্থাপনৰ কথা উল্লেখ কৰি তেওঁ বগীবিল দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি  অসমৰ উন্নয়ন তথা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ বিকাশৰ দিশত লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ সদিচ্ছাৰ বাবে অসমে বিভিন্ন ধৰণৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। 

প্ৰধানমন্ত্ৰীৰ পৰা সততা, নিষ্ঠা, শ্ৰদ্ধা, ভক্তি, মানৱপ্ৰেম, সকলোৱে মিলি একেলগে দৃঢ়তাৰে যাত্ৰা কৰাৰ এক শক্তিশালী আদৰ্শ লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে মূল্যবোধৰ জৰিয়তে ভাৰতবৰ্ষৰ জনসাধাৰণক বিশ্বৰ বুকুত শক্তিশালী জনগণ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সংকল্প গ্ৰহণ কৰিছে ইয়াৰ ফলত আজি ভাৰতবৰ্ষই বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে সততা, নিষ্ঠাৰে চৰকাৰ পৰিচালনাৰ বাবে যি আদৰ্শ তথা আশীৰ্বাদ দিছে তাৰ ফলত অসম চৰকাৰে ২০১৬ চনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আহিছে আৰু এই ক্ষেত্ৰত সফলতা লাভ কৰিছে। প্ৰদূষণমুক্ত, সন্ত্ৰাসবাদমুক্ত অসম গঢ় দিয়াৰ বাবে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলোকে লগত লৈ অসমৰ বিকাশ সম্ভৱ কৰি তোলাৰ বাবে সংকল্প লোৱা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত ৰাজ্যখনে দ্ৰুত গতিত আগুৱাই যাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কেন্দ্ৰীয় তেল আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকো ধন্যবাদ জ্ঞাপন কৰে। 

সভাত ভাষণ প্ৰদান কৰি তেল আৰু প্ৰাকৃতিক গেছ, তীখা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰাৰ বােব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লাভ কৰাৰ পিছতেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। এই অঞ্চলৰ বিকাশ অবিহনে ভাৰতৰ বিকাশ অসম্ভৱ বুলি উল্লেখ কৰি তেওঁ কয় যে তৈলখণ্ডৰ বিকাশৰ বাবে দিল্লীত এক মন্ত্ৰালয় থকাৰ পাছতো পূৰ্বৰ চৰকাৰে এই খণ্ডৰ বিকাশৰ বাবে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। কোনেও অসমৰ তেল আৰু গেছৰ উত্তৰণৰ কথা চিন্তা নকৰিলে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আজি অসমত ৯৫ হাজাৰ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে। ইয়াৰ ফলত কৰ্মসংস্থাপনৰ লগতে অসম চৰকাৰে ৰাজহ আদায় কৰিবলৈ সক্ষম হ’ব। প্ৰধানমন্ত্ৰী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাৰ কথা 

উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত গুজৰাটৰ তেল আৰু গেছৰ ৰয়েল্টী বন্ধ কৰি দিছিল। গুজৰাটৰ জনতাৰ লগতে অসমৰ জনতাকো শাস্তি দিছিল। অসমৰ ৬ হাজাৰ কোটি টকাতকৈও অধিক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি ৰাখিছিল। নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পিছত তেল খণ্ডই অসম তথা দেশৰ অৰ্থনৈতিক বিকাশৰ দিশত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰি তেখেতক অসমলৈ পঠিয়াই দিয়াৰ বিষয়টো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমে পাবলগীয়া ৬ হাজাৰ কোটি টকা ৰয়েŒটী মোকলাই দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰি ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ শাসন-ক্ষমতালৈ অহাৰ পিছত এই ধন ৰাজ্যখনলৈ মুকলি কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল। অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। 

সভাত আদৰণী ভাষণ প্ৰদান কৰি বিত্ত, স্বাস্থ্য ইত্যাদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো অসমৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দিন। ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সন্মুখত বিকশিত অসমৰ সপোন প্ৰকাশ কৰিছিল। সেই সপোনৰ পম খেদি আজি ৰাজ্য চৰকাৰৰ উদ্যোগত ধেমাজি আৰু গোলাঘাটত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছে। শুৱালকুছি, বঙাইগাঁও, বিহালী, ওদালগুৰি, নলবাৰী আৰু নগাঁৱত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে। ৰাজ্যখনত ৬খন চিকিৎসা মহাবিদ্যালয় আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ধুবুৰী, নগাঁও, নলবাৰী, তিনিচুকীয়া, ডিফু, লখিমপুৰ, চৰাইদেউ আৰু বিশ্বনাথত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিলে। তেওঁ লগতে কয় যে ধেমাজিত এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম ৰাজ্য চৰকাৰে হাতত ল’ব। 

ইয়াৰ লগে লগে মৰিগাঁও, গোৱালপাৰা আৰু কৰিমগঞ্জত নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব। কেইবাখনো বিশ্ববিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনত এক নৱজাগৰণৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু আশীৰ্বাদৰ বাবেই এয়া সম্ভৱ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। আজিৰ এই অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

No comments