Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰধানমন্ত্ৰী,পেট্ৰলিয়াম মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ; মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা যুৱ-ছাত্ৰৰ

পৰাণজ্যোতি বৰা,মাজুলী ,৫ ফেব্ৰুৱাৰী:  পেট্টল ডিজেল আৰু অনান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰি...


পৰাণজ্যোতি বৰা,মাজুলী ,৫ ফেব্ৰুৱাৰী: পেট্টল ডিজেল আৰু অনান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,মাজুলী জিলা সমিতিয়ে বনগাঁও চাৰিআলিত ভাৰতৰ প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় পেট্টলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসুচী ৰূপায়ণ কৰা হয়।উক্ত কাৰ্যসুচীত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক সমালোচনা কৰি কয়যে,পৰিবৰ্তন,উন্নয়ণ আৰু চবকা সাথ সবকা বিকাশৰ কথা কোৱা এইখন চৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ লগত নাই।ই কেৱল পুজিপতি কা সাথ চৰকাৰ বুলি উল্লেখ কৰি কয়,এহাতে হিতাধীকাৰী নিৰ্বাচন কৰি পেট্ৰল,ডিজেল আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ অাকাশলংঘী মূল্যবৃদ্ধিৰ জড়িয়তে ৰাইজকে শোষণ কৰিছে বুলি অভিযোগ তোলে।ৰাইজৰ ধনকে শোষন কৰি ৰাইজকে পুনৰ প্ৰদান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচৰা এইখন চৰকাৰৰ দিনতে পেট্ৰলৰ মূল্য শতকৰঘৰ অতিক্ৰম বা ডিজেলৰ মূল্য শতক চোৱাৰ উপক্ৰম হৈছে।অন্যহাতেদি সৰ্বসাধাৰণৰ নিত্যব্যৱহায্য সামগ্ৰীসমূহৰো মূল্যবৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাইছে বুলি নেতাদুজনে উল্লেখ কৰে।আনহাততেদি কাৰ্যসুচীত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকাই কৃষকৰ সমস্যাও সমাধান কৰিব নোৱাৰা কৃষক বিৰোধী এইখন চৰকাৰে গনতান্ত্ৰিক আন্দোলনলৈ ভয় কৰে বুলি উল্লেখ কৰে।কেৱল ভয় ভাবুকি দমনেৰে হিতলাৰী শাসনৰ জড়িয়তে স্বজন তোষণ আৰু একনায়কত্ববাদ চলাইছে বুলি অভিযোগ কৰে।আজি পৰিষদৰ কৰ্মীসকলে ভাৰত চৰকাৰ হায় হায়,প্ৰধানমন্ত্ৰী হুচিয়াৰ,পেট্ৰলিয়াম মন্ত্ৰী,মূখ্যমন্ত্ৰী হায় হায়,মূল্যবৃদ্ধি ৰোধ কৰক,নিয়ন্ত্ৰণ কৰক আদি শ্লো'গানেৰে প্ৰতিবাদ থলী উত্তাল কৰি তোলে।দক্ষিণপাট,পূৱ মাজুলী  আদি আঞ্চলিকৰ আৰু জিলা সমিতিৰ প্ৰায় অৰ্ধশতাধীক প্ৰতিবাদকাৰীয়ে কায্যসুচীত অংশগ্ৰহণ কৰি দুয়োখন চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰে।

No comments