Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলাৰ সমষ্টিত সংযোজন হ'ব ১৬৫ টা নতুন পলিং ষ্টেচন

৭৫৬৮৫৬ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ,  ৮০ টা মহিলা আৰু মডেল পলিং ষ্টেচন থাকিব গণ বাৰ্তা, যোৰহাট, ২৭ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভাৰ নিৰ্বাচন। ...

৭৫৬৮৫৬ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ,  ৮০ টা মহিলা আৰু মডেল পলিং ষ্টেচন থাকিব


গণ বাৰ্তা, যোৰহাট, ২৭ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভাৰ নিৰ্বাচন। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে নিৰ্বাচনৰ প্ৰস্তুতিত। আজি যোৰহাট জিলা উপায়ুক্ত আৰ, অপৰঞ্জী  কৰাটিয়ে  এক সংবাদ মেল যোগে যোৰহাট জিলা প্ৰশাসন কেনেদৰে প্ৰস্তুত হৈছে আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে সেই কথা সদৰি কৰে। কোৰোণা মহামাৰীৰ বাবে এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে। এইবাৰ যোৰহাটত মুঠ ৭৫৬৮৫৬ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে ৩৭৬৮৬৫ জন পুৰুষ ভোটাৰ আৰু ৩৭৯৯৯১ জন মহিলা ভোটাৰ। তদুপৰি কভিড প্ৰতি লক্ষ্য ৰাখি মুঠ ১৬৫ টা ভোট কেন্দ্র বৃদ্ধি কৰা হৈছে। যাৰ ফলত মুঠ ভোট কেন্দ্রৰ সংখ্যা হৈছেগৈ ১১০২ টা। জিলাখনৰ ৫ টা সমষ্টিত ৮০ উৰ্দ্ধৰ মুঠ ৯৩৮৬ জন ভোটাৰ আছে। আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীয়ে ৩০ লাখ ৮০ হাজাৰ টকাতকৈ অধিক ধন ব্যৱহাৰ কৰিব নোৱাৰিব। তদুপৰি নমিনেশন প্ৰদান কৰাৰ সময়ত প্ৰাৰ্থী জনৰ লগত মাত্ৰ তিনিজন লোকহে উপস্থিত থাকিব পাৰিব। আনহাতে মাত্ৰ দুখন প্ৰ পত্ৰ প্ৰদানৰ সময়ত মাত্ৰ দুখন বাহনহে ব্যৱহাৰ কৰিব পাৰিব। ইফালে ঘৰে ঘৰে যদি নিৰ্বাচন প্ৰচাৰৰ বাবে যদি প্ৰাৰ্থী যায়, তেনেহ'লে ৫ জনতকৈ অধিক লোক যাব নোৱাৰিব। এইবাৰ যোৰহাট জিলা নিৰ্বাচনি আইকন ৰূপে অৰণ্য মানৱ যাদৱ পায়েং আৰু লখিমী বৰুৱা আছে। ভোটাৰ সকলক সজাগ কৰিবৰ বাবে ইতিমধ্যে সজাগতা আৰম্ভ কৰা হৈছে। বিগত নিৰ্বাচনত যি কেইটা ভোট কেন্দ্রৰ ভোটাৰ হাৰ কম আছিল সেই কেইটাত বিশেষ ভাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে ২ মাৰ্চৰ পৰা ৯ মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আৰু দহ মাৰ্চত এই মনোনয়ন পত্ৰ সমূহৰ নিৰীক্ষণ কৰা হ'ব। কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তেনেহ'লে সেইয়া ১২ মাৰ্চৰ ভিতৰত কৰিব লাগিব। উল্লেখ্য যে যোৰহাট লোক সভা সমষ্টিৰ বাবে জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৰৌতি, দেৰগাঁও সমষ্টিৰ বাবে ধীৰাজ দাস আৰু টিয়কৰ বাবে বিশ্বজিৎ ফুকন ৰিটাৰ্নিং অফিচৰ ৰূপে থাকিব।  ( ঋতুৰাজ ফুকন যোৰহাট  )

No comments