গণবাৰ্তা,ভূৰাগাঁও,৮ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত দোৱা প্ৰাৰ্থনা কৰি লুইতত আৰম্ভ কৰিলে বস্তাৰ বান্ধ। লুইতৰ গৰাখহনীয়া অস্থায়ী প্ৰতিৰোধ...
গণবাৰ্তা,ভূৰাগাঁও,৮ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত দোৱা প্ৰাৰ্থনা কৰি লুইতত আৰম্ভ কৰিলে বস্তাৰ বান্ধ। লুইতৰ গৰাখহনীয়া অস্থায়ী প্ৰতিৰোধৰ আশাৰে স্থানীয় ৰাইজে আৰম্ভ কৰিলে বস্তাৰ বান্ধ।লুইতৰ পাৰত দোৱা প্ৰাৰ্থনা কৰি আৰম্ভ কৰিলে বস্তাৰ বান্ধ। উল্লেখ্য যে বছৰ বছৰ ধৰি জিলাখনৰ লাহৰীঘাটত লুইতৰ গৰাখহনীয়াই তাণ্ডৱলাীলা অব্যাহত ৰাখিছে।এই গৰাখহনীয়াই শতাধিক ৰাজহ গাঁও বিলীন হোৱাৰ উপৰি হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্তান্ত হৈছে।
গৰাখহনীয়াত জাহ গৈছে বহু অনুষ্ঠান প্ৰতিষ্ঠান। ইমানৰ পিছতো চৰকাৰ তথা জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে। অৱশেষত চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত ভৰষা নকৰি তিনিচুকীয়া আৰু টেঙাগুৰিৰ ৰাইজে গৰাখহনীয়া অস্থায়ী প্ৰতিৰোধৰ আশাৰে দোৱা প্ৰাৰ্থনা কৰি বস্তাৰ বান্ধৰ কাম আৰম্ভ কৰে।
No comments