Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পশ্চিম যোৰহাটৰ"সংবাদ ভৱন"ত যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ; প্ৰতিনিধি সভাত ৰামপ্ৰসাদ ফুকনক সভাপতি,মৃদুল হাজৰিকা সম্পাদক নিৰ্বাচিত

গণ বাৰ্তা,পশ্চিম যোৰহট, ১৯ ফেব্ৰুৱাৰী : যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে  পশ্চিম যোৰহাট সাংবা...


গণ বাৰ্তা,পশ্চিম যোৰহট, ১৯ ফেব্ৰুৱাৰী
: যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে  পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সহযোগত সংবাদ ভৱনত আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱা  যোৰহাট জিলা কবি সন্মিলনৰ সহযোগত কবি সন্মিলন অনুষ্ঠিত হয় । সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি মাণিক শইকীয়াই উদ্বোধন কৰা কবি সন্মিলনখন সঞ্চালনা কৰে অসম সাহিত্য সভাৰ সম্পাদক ৰমানন্দন বৰাই। কবি সন্মিলনৰ অন্তত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁইয়ে উদ্বোধন কৰা বিষয় বাছনি সভাত ৰামপ্ৰসাদ ফুকনক সভাপতি,সঞ্জীৱ দত্তক কাৰ্যকৰী সভাপতি,মৃদুল হাজৰিকাক সম্পাদক আৰু দৈনিক গণ অধিকাৰৰ সাংবাদিক পংকজ কুমাৰ দাসক প্ৰচাৰ সম্পাদক ৰূপে লৈ এখন নতুন জিলা সমিতি গঠন কৰা হয়। কাইলৈ পুৱা পতাকা উত্তোলনৰ পাছতে মৌচাক আলোচনীৰ সম্পাদক শান্তনু তামুলীয়ে স্মৃতি তৰ্পণৰ মুখ্য তৰ্পক হিচাপে উপস্থিত থাকিব । উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ মাজত পুৱা ১০ বজাত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা । প্ৰতিযোগিতাৰ নিম্ন শাখা চতুৰ্থ শ্ৰেণীলৈকে, মধ্য শাখা পঞ্চমৰ পৰা অষ্টম লৈকে আৰু উচ্চ শাখা নৱমৰ পৰা মুকলি থাকিব । দুপৰীয়া ১২-৩০ বজাত আৰম্ভ হ'ব মুকলি সভা । যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু শইকীয়াৰ সভাপতিত্বত হ'ব লগা সভা উদ্বোধন কৰিব অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা সমুজ্জল‌ কুমাৰ ভট্টাচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । সভাত "সাম্প্ৰতিক কালৰ সংবাদ মাধ্যমৰ ৰেহৰূপ আৰু ভৱিষ্যতৰ গতিধাৰা'' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড• সৌমাৰজ্যোতি মহন্তই । যোৰহাট জিলা সাংবাদিক সন্থাৰ মুখপত্ৰ 'মৈলাম' উন্মোচন কৰিব যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক অশোক কুমাৰ বৰুৱাই । মুকলি সভাত স্থানীয় বিধায়ক ভবেন্দ্ৰনাথ ভৰালী, জিলা উপায়ুক্ত ৰৌশ্নি অপৰাঞ্জী কৰাটি, আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি শাংকৱ কৌশিক বৰুৱা, আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জুল খাউণ্ড, আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা আৰু ৰাতুল বৰা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব । লগতে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, মাজুলী জিলাৰ সাংবাদিক সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে দিবাকৰ শইকীয়া, দিপু শইকীয়া, যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ গগৈ, আছুৰ যোৰহাট জিলাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব । লক্ষণীয় যে, মুকলি সভাত যোৰহাটৰ প্ৰবীন সাংবাদিক বুধিন্দ্ৰ নাথ বৰঠাকুৰ, দেবেন্দ্ৰনাথ বৰা, ললিত বৰা, নিৰঞ্জন বৰা আৰু তিতাবৰৰ দেবেন্দ্ৰনাথ বৰাক সম্বৰ্ধনা জনাব। আনহাতে পশ্চিম যোৰহাট সাংবাদিক সংস্হাৰ আতিথ্যত যোৰহাট জিলা সাংবাদিক সংস্হাৰ দ্বি-বাৰ্ষিক অধিৱেশনস্হলীত দিগদৰ্শন  প্ৰকাশনৰ বিপনীত অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন  প্ৰকাশনৰ গ্ৰন্হসমূহো উপলব্ধ হোৱাত পাঠক তথা উপস্হিত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

No comments