Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁৱত চাঞ্চল্যঃ মাজনিশা সেনা-আৰক্ষী অভিযানত পইন্ট টু টু পিষ্টলসহ চাৰিজন কৰায়ত্ব

গণবাৰ্তা বিশেষ, দেৰগাঁও ১২ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভা নিৰ্বাচনৰ লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ মাজতে যোৱা নিশা গোপন সূত্ৰৰ পম খেদ...


গণবাৰ্তা বিশেষ, দেৰগাঁও ১২ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভা নিৰ্বাচনৰ লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ মাজতে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি ভাৰতীয় সেনা আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া দলে দেৰগাঁৱৰ কাকডোঙা মৌজাৰ চুমনি আৰক্ষী চকীৰ ভিতৰুৱা অঞ্চল মহিমা চাহবাগিছাত অভিযান চলায় অস্ত্ৰসহ আটক কৰে চাৰি যুৱকক। কৰায়ত্ব কৰা যুৱক কেইজন কোনো বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী সুত্ৰই। নিশা অভিযানত এটা পইন্ট টু টু পিষ্টল, তিনি জাই সজীৱ গুলি, চাৰিটা মোবাইল ফোনসহ আটক হয় অজয় চুতীয়া, দিৱ্যজ্যোতি নেওঁগ, জিম শইকীয়া আৰু প্ৰণৱ শইকীয়া নামৰ যুৱক কেইজন। ইয়াৰে দুজন যুৱকৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানী আৰু আন দুজনৰ ঘৰৰ বগীজান বুলি জানিব পৰা গৈছে। নিশা আৰক্ষী আৰু সেনাৰ দলে দেৰগাঁও আৰক্ষী থানাত আনি জেৰা কৰে বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে। অস্ত্ৰধাৰী যুৱক আটক হোৱা ঘটনাটোলৈ সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যত্মক পৰিৱেশ বিৰাজ কৰিছে।


No comments