গণ বাৰ্তা, মৰিয়নি, ২ ফেব্ৰুৱাৰীঃ আগন্তুক নিৰ্বাচনৰ দিনবাৰ চূড়ান্ত হোৱা নাই যদিও ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত ...
গণ বাৰ্তা, মৰিয়নি,২ ফেব্ৰুৱাৰীঃ আগন্তুক নিৰ্বাচনৰ দিনবাৰ চূড়ান্ত হোৱা নাই যদিও ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । মৰিয়নি সমষ্টিতো সকলো দলেই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । বিজেপিক পৰাভূত কৰি মৰিয়নি বিধান সভা সমষ্টিতো পুনৰ কংগ্ৰেছৰ হাততেই ৰাখিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ । মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে কেবাখনো দলীয় সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ পৰ্য্যবেক্ষক ব্ৰীজেশ সিং মৰিয়নিত উপস্থিত হৈ একাধিক কৰ্মী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'বলৈ কৰ্মীসকলক আহ্বান জনাইছে । মৰিয়নিৰ সমীপৰ পুখুৰীয়া অশোক ক্লাৱৰ সভাকক্ষক বাঘচোং ব্লক কংগ্ৰেছৰ সভাপতি উত্তম গগৈৰ সভাপতিত্বত আজি অনুষ্ঠিত কৰ্মীসভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক হেমকান্ত বুঢ়াগোঁহাই ( টুন টুন)য়ে । সভাত এ আই চি চি ৰ পৰ্য্যবেক্ষক ব্ৰীজেশ সিঙে অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে । বিজেপিয়ে উন্নয়নৰ নামত সমগ্ৰ দেশৰ জনসাধাৰণক আভুৱা ভাৰি আছে বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কয়- বিজেপিৰ কোনো নীতি নাই । কেৱল মিছলীয়া নীতিৰেই দলটোৱে অপশাসন চলাই আছে । কিন্তু শেহতীয়াকৈ জনসাধাৰণে সমগ্ৰ কাৰচাজি বুজি উঠিছে আৰু অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত বিজেপিক উফৰাবলৈ জনসাধাৰণ প্ৰস্তুত হৈছে বুলিও তেওঁ উল্লেখ কৰে । দেশৰ জনসাধাৰণৰ মুৰত বিজেপিয়ে ৰামটাঙোন শোধাই আহিছে বুলিও তেওঁ লগতে উল্লেখ কৰে । মৰিয়নি বিধান সভা সমষ্টি যি কোনো প্ৰকাৰে কংগ্ৰেছ দলৰ হাতত ৰাখিবই লাগিব বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় মৰিয়নিৰ জনসাধাৰণে সদায় কংগ্ৰেছ দলক আস্থাত লৈ আহিছে । আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও বিজেপিক তীব্ৰ সমালোচনা কৰি ভাষন প্ৰদান কৰে । প্ৰায় দুই শতাধিক কৰ্মী আৰু ৰাইজে অংশলোৱা সভাখনত পূৱ যোৰহাট ব্লক কংগ্ৰেছৰ সভাপতি মনিৰাম গগৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰেৰণা ফুকন, বাঘচোং ব্লক কংগ্ৰেছৰ উপ-সভাপতি প্ৰফুল্ল বড়া, অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁতী, সোমেশ্বৰ শইকীয়া, মহিলা নেত্ৰী কুঞ্জ শইকীয়া আদিৰ লগতে ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, পঞ্চায়ত প্ৰতিনিধি, এন এছ ইউ আই, বুথ কমিটি আদিৰ সদস্যসকলে সভাত অংশগ্ৰহণ কৰে । বহুকেইজন প্ৰবীন কংগ্ৰেছ কৰ্মীয়েও সভাত অংশগ্ৰহণ কৰাতো দলটোৰ বাবে এক উল্লেখনীয় দিশ । সমষ্টিটোত এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ যুঁজ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে ।
No comments