Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট উকীল সন্থাৰ বহুমহলীয়া ভৱন আৰু পদ সেতুৰ আধাৰশিলা স্থাপন

 " কোনো কাম অকলে কৰিব নোৱাৰি, ইয়াৰ বাবে সকলোৰে সহায়ৰ প্ৰয়োজন " :  হিতেন্দ্ৰ নাথ গোস্বামী গণবাৰ্তা বিশেষ, যোৰহাট, ২৩ ফেব্ৰুৱাৰী : শ...

 " কোনো কাম অকলে কৰিব নোৱাৰি, ইয়াৰ বাবে সকলোৰে সহায়ৰ প্ৰয়োজন " :  হিতেন্দ্ৰ নাথ গোস্বামী


গণবাৰ্তা বিশেষ, যোৰহাট, ২৩ ফেব্ৰুৱাৰী : শতবৰ্ষ গৰকি মহিমামণ্ডিত হোৱা যোৰহাটৰ এটি অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে যোৰহাট উকীল সন্থাৰ কাৰ্য্যালয়। অতীজৰে পৰা যোৰহাটৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আইনী কাম কাজ সমূহ চলাই অহা হৈছে ব্ৰিটিছৰ দিনতে স্থাপন কৰা চহৰৰ মাজমজিয়াৰ এই উকীল সন্থাৰ কাৰ্য্যালয়ৰ পৰা। কিন্তু সময় অতিবাহিত হোৱাৰ লগতে তথা অধিবক্তাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াত স্থানৰ অভাৱ দেখা পোৱা যায় অধিবক্তা সকলৰ বাবে। কিন্তু যোৰহাট জিলা উপায়ুক্ত ৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থিত এই ঐতিহাসিক ভৱন টোৱে এতিয়া এক নতুন ৰূপ লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। পুৰণি ভৱনৰ স্থানতে এতিয়া নিৰ্মাণ কৰা হব যোৰহাট উকীল সন্থাৰ এক বহুমহলীয়া ভৱন। লগতে নিৰ্মান কৰা হব যোৰহাট ক'ৰ্ট আৰু উকীল সন্থাৰ কাৰ্য্যালয়ৰ যোগাযোগ স্থাপন কৰি এক পদ সেতু ৰ। যাৰ জৰিয়তে অধিবক্তা সমাজ আৰু আইনী মেৰপেছৰ লগত জড়িত লোক সকল সহজতে অহা যোৱা কৰিব পাৰিব যোৰহাট কৰ্ট আৰু উকীল সংস্থাৰ কাৰ্যালয়লৈ। অসম চৰকাৰৰ চহৰ আন্তঃগাঁথনি পুঁজিৰ প্ৰায় ১১ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগীয়া এই বহুমহলীয়া ভৱন আৰু পদ সেতুৰ আজি আধাৰশিলা স্থাপন কৰে যোৰহাটৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। আজি এই আধাৰশিলা স্থাপন কৰি যোৰহাট উকীল সন্থাৰ কাৰ্য্যালয়ৰ চৌহদত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি যোৰহাটৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে, আমাৰ চহৰখনক সর্বাংগসুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত দ্বায়িত্ব আমাৰ সকলোৰে আছে। কোনো কাম অকলে সম্পন্ন কৰিব নোৱাৰি, ইয়াৰ বাবে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন। যোৰহাট উকীল সন্থাৰ কাৰ্য্যালয় তো যোৰহাটৰ এক ঐতিহাসিক অনুষ্ঠান। এই অনুষ্ঠান প্ৰায় ১০০/১৫০ বছৰ পুৰণি। ইয়াক সুন্দৰকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে। কিয়নো ই যোৰহাটৰ এক গুৰুত্বপূৰ্ণ অংগ। আজিৰ পৰা তিনি বছৰ পূৰ্বে মই বিশেষ কামত এই কাৰ্য্যালয়লৈ আহোঁতে ইয়াৰ অধিবক্তা সকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমূহৰ বিষয়ে কৈছিল। লগতে কৈছিল অধিবক্তা সকলৰ বাবে স্থানৰ অভাৱৰ কথা। তেতিয়া তেওঁলোকে লগতে সামান্য ব্যয় সাপেক্ষে এটা ভৱন নিৰ্মাণ কৰাৰ কথা কৈছিল। কিন্তু মই তেতিয়াই ভাবিছিলোঁ যে কিবা এটা কৰিলে ভালকৈ কৰিম। চৰকাৰে চহৰ আন্তঃগাঁথনি ৰ বাবে ২০০ কোটি টকা দিছে। তেতিয়া তেওঁলোকক মই প্ৰজেক্ট তৈয়াৰ কৰিবলৈ কৈছিলোঁ আৰু যথা সময়ত তেওঁলোকে প্ৰজেক্ট তৈয়াৰ কৰি দিছে। তদুপৰি মোৰো অনুভৱ হয় যে উকীল সকলে এই সৰু ভৱনটোত বহু কষ্টেৰে কাম কৰিব লগীয়া হয়। কিয়নো কামৰ সময়ত ইয়াত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। তদুপৰি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত যেতিয়া কোনো দল সংগঠনে আন্দোলন কৰে বা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে তেতিয়া অধিবক্তা সকল কৰ্ট লৈ অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। সেই সকলো বোৰ দিশ চাই এখন পদ সেতু নিৰ্মাণ কৰাৰো সিদ্ধান্ত লোৱা হয়। আৰু সেই মতেই আজি এই কামৰ আধাৰশিলা স্থাপন কৰা হয়। আজিৰ দিনটো যোৰহাটৰ ইতিহাসত এক ঐতিহাসিক দিন হৈ ৰব। সভাত উপস্থিত থাকি যোৰহাট উকীল সন্থাৰ সভাপতি ৰিণ্টু গোস্বামীয়ে কয় যে, আজিৰ দিনটো আমাৰ বাবে অতি গৌৰৱৰ দিন। কিয়নো যোৰহাট উকীল সন্থাৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ দিশত। এই ভৱনটোৱে যোৰহাটৰ অধিবক্তা সকলৰ লগতে আইনী মেৰপেছৰ লগত জড়িত তথা বিভিন্ন কামত অধিবক্তা সকলৰ কাষ চপা লোকৰ বাবে যথেষ্ট সহায়ক হব। আমি সকলোৱে আইন ক মানুহৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে, আৰু এই ক্ষেত্ৰত এই বহুমহলীয়া ভৱনটো সহায়ক হব। কিয়নো ইয়াত থাকিব এটা আলোচনা গৃহ ও। জত যোৰহাট জিলাৰ বিভিন্ন দল, সংগঠন, সৰ্বসাধাৰণ ৰাইজৰ লগত অনুষ্ঠিত হব আইনী সভাও আৰু আইনী আলোচনা ৰ এক পৰিবেশ ইয়াত সৃষ্টি হব। আমি আশা কৰিছোঁ যে অহা দুই বছৰৰ ভিতৰত ইয়াৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠিব।

No comments