গণ বার্তা, যোৰহাট,৬ ফেব্ৰুৱাৰীঃ কৃষক আৰু কৃষি উদ্যোগীৰ থলুৱা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ জৰিয়তে এই দিশত নতুন সম্ভাৱনা সৃষ্টি ...
গণ বার্তা, যোৰহাট,৬ ফেব্ৰুৱাৰীঃ কৃষক আৰু কৃষি উদ্যোগীৰ থলুৱা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ জৰিয়তে এই দিশত নতুন সম্ভাৱনা সৃষ্টি কৰাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে আজি আয়োজন কৰা ৩৩ সংখ্যক উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখন সফলভাৱে অনুষ্ঠিত হয় ।অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত এই উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । উন্মোচনী বক্তব্যত তেখেতে কয় যে উদ্যান শস্যৰ ওপৰত নিত্য নতুন পদক্ষেপ ললে আয় বঢ়াৰ উপৰিও ওচৰ চুবুৰীয়া আৰু এই দিশত কাম কৰি থকা মানুহখিনিক কৰ্মসংস্থান দিব পৰাকৈ উদ্যান শস্যৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে এনে ক্ষেত্ৰৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ জৰিয়তে নতুন সম্ভাৱনাৰ উন্বেষ হব পাৰে ।উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° উৎপল কটকীয়ে আত ধৰা উদ্ধোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা ,কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা ,কৃষি সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক , স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অজিত বৈশ্য, উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ড° মৃদুল ডেকা,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, মুখ্য গ্ৰন্থাগাৰিক ড° চন্দন হাজৰিকা ,পঞ্জীয়ক অৰ্পণ শইকীয়া উপস্থিত থাকে । অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অন্তৰ্গত উদ্যান বিজ্ঞান বিভাগ আৰু উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ সৌজন্যত আয়োজিত এই প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত তিনিচুকীয়া ,ডিব্ৰুগড়,যোৰহাট,শিৱসাগৰ,গোলাঘাট,শোণিতপুৰ,মঙলদৈ আৰু নলবাৰী জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমুহৰ লগতে কেবাশতাধিক কৃষক আৰু কৃষি উদ্যোগীয়ে শাক -পাছলি,ফল - মুল,ফুল,শাক পাছলিৰে তৈয়াৰী বিভিন্ন খাদ্য প্ৰদৰ্শন আৰু বিক্ৰী কৰে ।মুঠ ৭৫৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ ১৫৪ টা শাখাৰ প্ৰতিযোগীসকল শ্ৰেষ্ঠসকলক ৮ টা চলন্ত ট্ৰফীৰ সৈতে বটা প্ৰদান কৰা হয় । ( ঋতুৰাজ ফুকন, যোৰহাট )
No comments