Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাকজানত বিজেপিৰ পৃষ্ট প্ৰমুখ সন্মিলন সম্পন্ন

গণ বাৰ্তা,  কাকজান, ৫ফেব্ৰুৱাৰী:  যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাকজানত আজি বিজেপিৰ  দলীয়  পৃষ্টপ্ৰমুখ সন্মিলন অনুষ্ঠিত কৰি নিৰ্বাচনী ৰণডংকা বজা...


গণ বাৰ্তা,  কাকজান, ৫ফেব্ৰুৱাৰী: 
যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাকজানত আজি বিজেপিৰ  দলীয়  পৃষ্টপ্ৰমুখ সন্মিলন অনুষ্ঠিত কৰি নিৰ্বাচনী ৰণডংকা বজাই। কাকজান কৃষ্ঠি কেন্দ্ৰত অনুষ্ঠিত সভাত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি কামাখ্যা মোহন দাসৰ সভাপাতিত্বত মুখ্য পৃষ্ঠপ্ৰমুখ  সন্মিলন অনুষ্ঠিত হয়। টীয়ক সমষ্টিৰ তিনিহাজাৰৰো অধিক পৃষ্টপ্ৰমুখ থকা সভাত টীয়ক সমষ্টিৰ টিকটৰ দাবী দাৰ সকলে ভাষণ প্ৰদান কৰি নিৰ্বাচনী ৰণ কৌশল ৰচনা কৰে। কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা, অসীম বৰুৱা,যদুনাথ বুঢ়াগোসাই, শান্তনু দত্ত  অমৰ জ্যোতি শইকীয়া, জিতু হাজৰিকা, মনোজ বৰা, চিপাহীখোলা ব্লক কংগ্ৰেছৰ সভাপতি ৰাতুল বৰঠাকুৰ,  কলিয়াপানী ব্লক কংগ্ৰেছৰ সভাপতি দীপক শইকীয়া , জিলাৰ বিষয়ববীয়া  সকল উপস্থিত থাকে। সভাত অ বি চি মৰ্চাৰ  ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি বিতুপন ৰাইদঙীয়া উপস্থিত থাকি বিজেপি দলৰ বিভিন্ন আঁচনি তথা নিৰ্বাচনী ৰণশিঙা বজাই কৰ্মী সকলক উৎসাহিত কৰে। টীয়ক সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী দিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। নিৰ্বাচনী সভাত ৰাইজৰ দল, অসম জাতীয় পৰিষদক  আৰু কংগ্ৰেছ মহাজোঁটক তীব্ৰ ভাষাৰে সমালোচনা কৰি টীয়কত অখিল গগৈক প্ৰাৰ্থীত্ব দিলেও জয় হ'ব নোৱাৰে বুলি কোৱাৰ লগতে  বিজেপি দলৰ শক্তিশালী দল, বৰ্তমান টীয়কৰ ৰাইজে দলটো আকোৱালি লোৱাৰ  কথা ভাষণ প্ৰসংগত উল্লেখ কৰে ।

No comments