গণ বার্তা, নুমলীগড়, ১৬ ফেব্ৰুৱাৰীঃ আজি সন্ধ্যা ৭ মান বজাত মৰঙি মৌজাৰ বিষ্ণুপুৰত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। ৪ নং ৰংবঙৰ দ্বীপ দাস নামৰ...
গণ বার্তা, নুমলীগড়, ১৬ ফেব্ৰুৱাৰীঃ আজি সন্ধ্যা ৭ মান বজাত মৰঙি মৌজাৰ বিষ্ণুপুৰত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। ৪ নং ৰংবঙৰ দ্বীপ দাস নামৰ যুৱকজন এ এচ ০৫ পি ৪০২৮ নম্বৰৰ মটৰ চাইকেলেৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত এখন গাড়ীয়ে মহটিয়াই নিয়ে । ঠিতাতে নিহত হয় বাইক আৰোহীজন। ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ এখন গাড়ী জব্দ কৰি জেৰা অব্যাহত ৰাখিছে যদিও সেই গাড়ীখনেই দুৰ্ঘটনা কৰা বুলি নিশ্চিত হোৱা নাই।
No comments