ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ,২ ফেব্ৰুৱাৰী : 'বিশিষ্ট লোক সংস্কৃতিৰ গবেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এমিৰিটাচ ডঃ নবীন চন্দ্ৰ শৰ্মাক প্...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ,২ ফেব্ৰুৱাৰী : 'বিশিষ্ট লোক সংস্কৃতিৰ গবেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এমিৰিটাচ ডঃ নবীন চন্দ্ৰ শৰ্মাক প্ৰদান কৰা হ'ব 'দৰং ৰত্ন' সন্মান। চলিত মাহতে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া 'সমাবৰ্তন' কাৰ্যসূচীত দৰং জিলা সাহিত্য সভাই এই সন্মান প্ৰদান কৰিব। পূৰ্বে অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা প্ৰাপক প্ৰভাত চন্দ্ৰ শৰ্মা শাস্ত্ৰীক এই সন্মান প্ৰদান কৰা হৈছিল'- এখন সংবাদমেলত এই ঘোষণা কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, সম্পাদক গৌতমানন্দ গোস্বামীয়ে। দৰং জিলা সাহিত্য সভা প্ৰকল্প ভৱনত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা সংবাদ মেলত দৰং জিলা সাহিত্য সভাৰ বৰ্ষ সূচী প্ৰকাশ কৰি দৰং জিলা সাহিত্য সভাই গ্ৰহণ কৰা কেবাটাও বঁটা আৰু পৰিকল্পনাৰ কথা ঘোষণা কৰি সভাপতি আৰু সম্পাদকে কয় যে, অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা লেখিকাক কুসুম বালা দেৱী স্মাৰক জীৱনজোৰা সাধনা বঁটা (প্ৰাপকৰ নাম ঘোষণা হোৱা নাই), অধ্যক্ষ শিবকান্ত শৰ্মা স্মাৰক জীৱনজোৰা অসম ভিত্তিত সাংস্কৃতিক কৰ্মী বঁটা তৰুণ আজাদ ডেকালৈ, ২০১৮ - ২০২০ বৰ্ষৰ মঙলা নগৰ সাহিত্য সভালৈ শ্ৰেষ্ঠ শাখাৰ বঁটা, শ্ৰেষ্ঠ সংগঠক শাখাৰ বঁটা দলগাঁও সাহিত্য সভালৈ, শ্ৰেষ্ঠ সংগঠকৰ বঁটা মঞ্জু ৰাজবংশীলৈ, গজেন্দ্ৰ নাথ চহৰীয়া স্মাৰক শিশু সাহিত্যৰ বঁটা সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱীলৈ, সদৌ অসম ভিত্তিত আয়োজন কৰা গৌৰীকান্ত মহন্ত স্মাৰক গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্বৰ বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্মৃতি বন্দনা বৰকাকতিলৈ, বিশেষ সাহিত্য বঁটা ডঃ লোকেশ্বৰ নাথলৈ, যুৱ সাহিত্যিকলৈ সন্মানীয় সাহিত্য বঁটা ডঃ সঞ্জীৱপল ডেকালৈ, সমাজসেৱা বঁটা পাৰুল দেৱীলৈ, যুৱ সাহিত্যিকলৈ সভাপতিৰ বিশেষ বঁটা দিপালী বৰুৱালৈ, বিশিষ্ট সাংবাদিক তুৱাৰাম ডেকালৈ মৰণোত্তৰভাৱে সংবাদসেৱা সন্মান প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। এই সংবাদমেলত কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে স্থগিত ৰখা দৰং জিলা সাহিত্য সভাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ১৪ ফেব্ৰুৱাৰীত পাথৰিঘাটত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে । ঘোষিত বঁটা সমূহ এই অধিবেশনত প্ৰদান কৰা হ'ব বুলি কয় সাহিত্য সভাৰ বিষয়ববীয়া সকলে । তদুপৰি বিশিষ্ট লেখকৰ ২৫ খন গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা লোৱাৰ কথা উল্লেখ কৰি 'দৰঙৰ পৰিবেশ্য কলা, বসন্ত উৎসৱ দেউল, দৰঙী ইতিহাস, দৰঙৰ ঠাই নামৰ ইতিবৃত্ত' গ্ৰন্থ কেইখন পুণৰ সংস্কৰণ প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰে। চৰ চাপৰি এলেকাক বাদ দি অসমৰ ইতিহাস পূৰ্ণাংগ নহয় বুলি উল্লেখ কৰি দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, সম্পাদক গৌতমানন্দ গোস্বামীয়ে দৰঙৰ চৰ চাপৰি অঞ্চলৰ ৰাইজৰ লগত একাত্ম হৈ ভাষা - সংস্কৃতি উত্তৰণ কৰাৰ পৰিকল্পনা লোৱাৰ কথা কয়। দৰঙৰ চৰ চাপৰি অঞ্চলত অসম সাহিত্য সভাৰ প্ৰাসংগিকতা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি নেতাদ্বয়ে কয়, শীঘ্ৰে কমেও ৬ খন শাখা চৰ চাপৰিত গঠন কৰা হ'ব।লগতে ২০২০ - ২০২২ বৰ্ষৰ ভিতৰতে দৰঙৰ ৬৮ শাখাক স্বৰ্ণ শাখা কৰাৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে।
No comments