গণ বাৰ্তা যোৰহাট ,২০ ফেব্ৰুৱাৰী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত তথা অসমৰ একমাত্ৰ আৰু সৰ্ব প্ৰথম সত্ৰীয়া সংগীতৰ উচ্চ শিক্ষানুষ...
গণ বাৰ্তা যোৰহাট ,২০ ফেব্ৰুৱাৰী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত তথা অসমৰ একমাত্ৰ আৰু সৰ্ব প্ৰথম সত্ৰীয়া সংগীতৰ উচ্চ শিক্ষানুষ্ঠান অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি দহ লাখ টকাৰ অনুদানৰ প্ৰথম কিস্তি হিচাপে ছয় লাখ তিৰানব্বৈ হাজাৰ টকাৰ ধনাদেশ পত্ৰ(চেক) প্ৰদান কৰে। এই উপলক্ষে মহাবিদ্যালয়ৰ অধ্যাপক নিৰ্মল গোস্বামী স্মৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ সাৰংগপানি বৰদলৈয়ে আতধৰা সভাখনত স্হানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে বৰ্তমানৰ চৰকাৰখনে সত্ৰীয়া সংগীতৰ মহাবিদ্যালয়খনক চৰকাৰী কৰণ কৰি অসমৰ সত্ৰীয়া সংগীতক এক নতুনত্ব প্ৰদান কৰিলে। সত্ৰীয়া সংগীতক বিজ্ঞান সন্মত ভাৱে আগবঢ়াই নিবলৈ এই মহাবিদ্যালয় খনে মাইলৰ খুঁটি হিচাপে কাম কৰি যাব লাগিব। মহাবিদ্যালয় খনিৰ পৰিচালনা সমিতিৰ সদস্য সদস্যা,শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী উপস্থিত থকা সভাখনত বিশিষ্ট বিজ্ঞানী ড0 পৰাণ বৰুৱা, কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোনাৰাম শৰ্মাই ভাষণ প্ৰদান কৰে। আজিৰ সভাত শিল্পী জয়ন্ত নাথ, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য তথা অধিবক্তা জয়ন্ত দেৱশৰ্মা, অভিযন্তা শান্তনু বৰুৱা আৰু জোস্না মহন্তকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
No comments