Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইতো ভাৰত বন্ধৰ প্ৰভাৱ প্ৰায় সৰ্বাত্মক : চেম্বাৰ্চ অৱ কমাৰ্চৰ সমৰ্থন

কফিল, হোজাই ২৬ ফেব্ৰুৱাৰী :  সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টিৰ ত্ৰুটিপূৰ্ণ সংশোধনী, ই- কমাৰ্চ ব্যৱস্থাত প্ৰচলিত নীতি নিয়ম উলংঘন আৰু পেট্ৰল...


কফিল, হোজাই ২৬ ফেব্ৰুৱাৰী
সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টিৰ ত্ৰুটিপূৰ্ণ সংশোধনী, ই- কমাৰ্চ ব্যৱস্থাত প্ৰচলিত নীতি নিয়ম উলংঘন আৰু পেট্ৰল, ডিজেলৰ অভাৱনীয় দামবৃদ্ধিৰ প্ৰতিবাদত আজি ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে ৷ কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্চ আৰু অল ইণ্ডিয়া ট্ৰেন্সপ'ৰ্ট ৱেলফেয়াৰ এছ'চিয়েচনে আহ্বান জনোৱা এই ভাৰত বন্ধৰ কাৰ্যসূচীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছে ৷ বন্ধত অসমৰো দল সংগঠনে সমৰ্থন আগবঢ়াইছে ৷ এই বন্ধৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াইছে আছাম চেম্বাৰ্চ অৱ কমাৰ্চৰ হোজাই ইউনিটে ৷ লগতে সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানে বন্ধ পালন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে আছাম চেম্বাৰ্চ অৱ কমাৰ্চ নীলবাগান ইউনিটৰ সম্পাদক মনচুুুৰ আহমেদ চৌধূৰী (ৰানু) য়ে । আজি পুৱাৰ ভাগৰ পৰা হোজাই চহৰৰ মেইন ৰোডৰ দুয়োদিশৰ দোকান-পোহাৰ আদি বন্ধ সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হৈছে ৷ নীলবাগানত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ আছিল যদিও বন্ধৰ সময়ত জিলাখনত একাংশ ব্যক্তিগত বাহন আৰু জৰুৰীকালিন হিচাপে সৰু সৰু যাত্ৰীবাহি যান বাহন চলাচল কৰা দেখা গৈছে ৷ হোজাইত বন্ধ প্ৰায় সৰ্বাত্মক আছিল যদিও বন্ধৰ সময়ত কোনোধৰণ অপ্ৰীতিকৰ বাতৰি পোৱা নাই ৷

No comments