Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নামঘৰ হৈছে এখন শৃংখলীত সমাজ গঢ়াৰ মাধ্যম : সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট,২৭ ফেব্ৰুৱাৰী:  নামঘৰ হৈছে এখন শৃংখলিত  সমাজ গঢ়াৰ মাধ্যম। আধ্যাত্মিক জ্ঞান আৰ্জনৰ উপৰি মানৱ সমাজত সম্প্ৰীতি গঢ় দিয়াত...


ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট,২৭ ফেব্ৰুৱাৰী:  নামঘৰ হৈছে এখন শৃংখলিত  সমাজ গঢ়াৰ মাধ্যম। আধ্যাত্মিক জ্ঞান আৰ্জনৰ উপৰি মানৱ সমাজত সম্প্ৰীতি গঢ় দিয়াত নামঘৰৰ অৱদান অতুলনীয় ।-- আজি ৰংদৈ কৈৱৰ্ত গাৱঁৰ নামঘৰৰ পকী টোৰণ উন্মোচন কৰি এই বক্তব্য আগ বঢ়াই মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে । যোৰহাটৰ এজন আগশাৰীৰ যুৱ ব্যৱসায়ী তথা ৰংদৈৰ বাসীন্দা ফটিক  চন্দ্ৰ বৰাৰ কণিষ্ঠ পুত্ৰ নৱজিৎ বৰা ( নানু )ই দান  আগবঢ়োৱা পকী টোৰণ খনিৰ উন্মোচনৰ প্ৰাকক্ষণত ভক্তিৰ প্ৰদীপ প্ৰজ্বলন কৰে ভকত শশীধৰ দত্ত আৰু নাৰায়ণ দাসে  । ৰংদৈ কৈৱৰ্ত গাৱঁৰ গায়ন- বায়নৰ শিল্পীসকলে গায়ন - বায়ন পৰিৱেশনেৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা টোৰণ উম্মোচনী অনুষ্ঠান পৰিচালনা কৰে সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই ।  টোৰণ দাতা পৰিয়ালৰ তৰফৰ পৰা উম্মোচক তথা সত্ৰাধিকাৰ জনাৰ্দন  দেৱ গোস্বামীক গামোচা , চেলেং ,আৰু এখনি অভিনন্দন পত্ৰৰে আদৰনী জনাই । ইয়াৰ পাছতে সত্ৰাধিকাৰ গৰাকীক ভক্ত বৈষ্ণৱে কৈৱৰ্ত গাঁৱৰ নামঘৰলৈ নিয়। উল্লেখ্য, টোৰণ দাতা পৰিয়ালৰ হৈ ৰাতিলৈ ৰংদৈ কৈৱৰ্ত গাৱৰ নামঘৰত নৃসিংহ মুৰাৰি ভাওনা প্ৰদৰ্শন হয়  । অনুষ্ঠানত মাজুলী নতুন কমলাবাৰী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ বহু কেইজন ভক্ত আৰু স্থানীয় ৰাইজ  উপস্থিত থাকে।

No comments