ছয়গাঁও , ১০ ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত এচাম অসাধু লোকে চলাই আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষীয়ে বিভিন্ন সময়ত আভিযান চলাই...
ছয়গাঁও , ১০ ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত এচাম অসাধু লোকে চলাই আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষীয়ে বিভিন্ন সময়ত আভিযান চলাই ড্ৰাগছ ব্যৱসায়ী আটক কৰি আহিছে যদিও ইয়াক বন্ধ কৰিবলৈ সমৰ্থ হোৱা নাই। ছয়গাঁও আৰক্ষীয় আজি পুৱতি নিশা চলোৱা এক অভিযানত গৰৈমাৰীৰ মহাবীৰ পথাৰৰ পৰা ড্ৰাগছ সহ এজন লোকক আটক কৰে ৷ লোকজন হ’ল মহাবীৰ পথাৰৰ নজমুল হক ৷ জানিব পৰামতে ছয়গাঁও আৰক্ষীয়ে গোপন সুত্ৰে লাভ কৰা এক তথ্যৰ ভিত্তিত আজি পুৱতি নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত মহাবীৰ পথাৰত এক অভিযান চলাই ৷ এই অভিযানত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা নজমুল হক নামৰ লোকজনক আটক কৰে ৷ আৰক্ষীয়ে লোকজনৰ পৰা ৫৬ গ্ৰাম ড্ৰাগছৰ লগতে ১৩ টা কণ্টেনাৰ আৰু এটা মবাইল জব্দ কৰে ৷ উক্ত লোকজনে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
No comments