গণ বাৰ্তা বিশেষ, পশ্চিম ভৱানীপুৰ,১৮ ফেব্ৰুৱাৰীঃ ১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ ন্যায়ৰ প্ৰতিবাদত ক'লা বেজ পৰিধান কৰি ৰাজ্যজুৰি আজি আমছুৱে ক...
গণ বাৰ্তা বিশেষ, পশ্চিম ভৱানীপুৰ,১৮ ফেব্ৰুৱাৰীঃ ১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ ন্যায়ৰ প্ৰতিবাদত ক'লা বেজ পৰিধান কৰি ৰাজ্যজুৰি আজি আমছুৱে ক'লা দিৱস পালন কৰে। তাৰ সমান্তৰালকৈ আমছুৰ বজালী জিলা সমিতিৰ উদ্যোগত ভৱানীপুৰৰ মাজগাঁৱতো আমছু কৰ্মী সকলে পালন কৰে এই ক'লা দিৱস। এই হত্যাকাণ্ডত শিশু,গৰ্ভৱতী মহিলাকে ধৰি কেইবাহাজাৰ লোকৰ প্ৰাণ গৈছিল। তাৰ প্ৰতিবাদত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে প্ৰতিবছৰে আজিৰ এই দিনটোত ক'লা দিৱস হিচাপে পালন কৰি আহিছে।আজিৰ এই কাৰ্যসূচীত অংশ লয় আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নজৰুল ইছলাম,তথ্য প্ৰযুক্তি সম্পাদক আমিনুৰ ৰহমানৰ লগতে শতাধিক আমছু কৰ্মীয়ে। প্ৰতিবাদত অংশ লৈ আমছুৰ উপ সভাপতি নজৰুল ইছলামে কয়- চৰকাৰী হিচাপমতে ঊনৈছ শ আৰু বেচৰকাৰী হিচাপত দহ সহশ্ৰাধিক লোকৰ ইয়াত মৃত্যু ঘটিছে। বৰ্তমান প্ৰায় ৩৮ বছৰ অতিক্ৰম কৰিলে। তাৰ ভিতৰত কংগ্ৰেছৰ চৰকাৰ গ'ল,অগপৰ চৰকাৰ গ'ল আৰু বৰ্তমান বিজেপিৰ চৰকাৰ। কিন্তু সেই নিৰীহ খাটি খোৱা দহ হাজাৰ সংখ্যালঘুক নিৰ্মমভাৱে যে হত্যা কৰিলে তাৰ বিচাৰ আজিকোপতি নহ'ল। ঘটনাৰ তদন্ত কৰবলৈ গঠন কৰি দিয়া তিৱাৰী আয়োগৰ প্ৰতিবেদন পৰ্যন্ত ৰাজহুৱা কৰা নহ'ল। নেতা গৰাকীয়ে আৰু কয়- নিস্পেষিত,নিৰ্যাতিত সংখ্যালঘুৰ ভোটেৰে বহুজনে মন্ত্ৰী বিধায়কহৈ সম্প্ৰদায়টোৰ লগত কেৱল গাদ্দাৰী কৰিলে কিন্তু কোনেও ন্যায়ৰ ব্যৱস্থাৰ কাৰণে মাত নামাতিলে। অনাগত দিনত যদি সংখ্যালঘু বিধায়কে আমাৰ লগত ন্যায়ৰ প্ৰতিবাদ নকৰে তেন্তে সন্মূখৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব সংখ্যালঘু ৰাইজে। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি আমাৰ আস্থা আছে গতিকে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি অতি শীঘ্ৰে ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা কৰক, অন্যথ্যা ১ কোটি ২০ সংখ্যালঘু জনতাক লৈ সমগ্ৰ অসমজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলা হ'ব বুলি সকিয়াই দিয়ে। উল্লেখযোগ্য যে,১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পূৰ্বৰ নগাঁও আৰু বৰ্তমানৰ মৰিগাঁৱ জিলাৰ নেলীত সংঘটিত হৈছিল এই জঘন্য হত্যাযজ্ঞৰ ঘটনা। যাৰ বাবে প্ৰতিবছৰে আজিৰ এই দিনটোত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে ক'লা দিৱস হিচাপে পালন কৰে।
No comments