Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পবিন্দ্ৰ ডেকা এতিয়া অ-প্ৰাসংগিক: ড' ৰঞ্জিত ডেকা

  ৰূপ কুমাৰ শৰ্মা  টিহু, ২০ ফেব্ৰুৱাৰী : আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অবস্থাত প্ৰতিটো সমষ্টিতে বৃদ্ধ...

 


ৰূপ কুমাৰ শৰ্মা টিহু, ২০ ফেব্ৰুৱাৰী : আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অবস্থাত প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতাত  । পিছ পৰি থকা নাই পাটাছাৰকুছি বিধান সভা সমষ্টি । আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত বিজেপি নে অগপই প্ৰাৰ্থী দিব সেইয়া চুড়ান্ত হোৱা নাই যদিও দুয়োটা দলে চলাই গৈছে নিৰ্বাচনী কুচকাৱাজ  ।  আজি সমষ্টিটোৰ টিহুৰ  মাখিবাহাত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ মাখিবাহা আঞ্চলিক পৰিষদৰ  এখন সাধাৰণ সভা  ।  অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ড: ফটিক চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত  অগপ নেতা ড: ৰঞ্জিত ডেকা, অমিয় দাস,  বানী কলিতা, ধৰ্মেশ্বৰ ৰয়, ধ্ৰুৱ দত্ত, হৰেকৃষ্ণ মেধি, আদি বহুকেইজন নেতাই অংশ লয়  । অগপৰ মাখিবাহা আঞ্চলিক সমিতিৰ সভাপতি ফনীন্দ্ৰ নাথ দাসে আতধৰা সভা খনত প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে  । সভাৰ আৰম্ভণিতে অগপৰ তৰফৰ পৰা  অঞ্চল টোৰ প্ৰায় শতাধিক জ্যেষ্ঠ নাগৰিক,  শিল্পী,  সমাজকৰ্মীক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই ।  সভাত অংশ লৈ অগপ নেতা অমিয় কুমাৰ দাসে সদ্য পদত্যাগী বিধায়ক  পবিন্দ্ৰ ডেকাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে পবিন্দ্ৰ ডেকা এতিয়া মামৰে ধৰি লোহা, যিয়ে বিন্ধিলে টিটেনাচ লব লাগে । সেয়ে সকলোৱে সংগ ত্যাগ কৰিছে পবিন্দ্ৰ ডেকাৰ । এসময়ৰ আঞ্চলিকতা বাদৰ দুৰ্গ হিচাপে পৰিচিত  পাটাছাৰকুছি সমষ্টি বৰ্তমানো আৰু ভৱিষ্যতলৈও আঞ্চলিকতা বাদৰ নিচান উৰি থাকিব বুলি দাবী  কৰে ।  সভাত অগপ নেতা ড: ৰঞ্জিত ডেকাই পবিন্দ্ৰ ডেকা এতিয়া  অ-প্ৰাসংগিক বুলি উল্লেখ কৰি  পবিন্দ্ৰ ডেকাৰ নেতৃত্বত পাটাছাৰকুছি সমষ্টিত অগপ বহু দুৰ্বল হৈছিল যদিও পবিন্দ্ৰ ডেকাই যোৱাৰ পিছত এতিয়া পুনৰ শক্তিশালী ৰূপত পাটাছাৰকুছিত অসম গণ পৰিষদ দলে ঠন ধৰি উঠা বুলি দাবী কৰে  । আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত অগপই প্ৰাৰ্থী দিব আৰু বিপুল ভোটত জয়ী হব  বুলিও স্পষ্ট ভাবে কয় ড: ৰঞ্জিত ডেকাই  ।

No comments