নতুন দিল্লী, ১৬ ফেব্ৰুৱাৰী: কিংছ ইলেভেন পাঞ্জাৱত আগন্তুক আইপিএল বৃহৎ পৰিবৰ্তন হোৱা পৰিলক্ষিত হ'ব। দলটোৱে নিজৰ নাম সলনি কৰি আগন্তুক আইপ...
নতুন দিল্লী, ১৬ ফেব্ৰুৱাৰী: কিংছ ইলেভেন পাঞ্জাৱত আগন্তুক আইপিএল বৃহৎ পৰিবৰ্তন হোৱা পৰিলক্ষিত হ'ব। দলটোৱে নিজৰ নাম সলনি কৰি আগন্তুক আইপিএলত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে কিংছ ইলেভেন পাঞ্জাৱ দলে এতিয়ালৈ আইপিএলৰ খিতাপ দখল কৰা নাই। কেৱল দলটোৱে এবাৰ ফাইনেল খেলাৰ সুযোগ লাভ কৰিছিল। এই দলটোৱে এইবাৰ নিজৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে। নতুন নাম লৈ দলটোৱে এইবাৰ আইপিএলত অৱতীৰ্ণ হ'ব। প্ৰাপ্ত খবৰ অনুসৰি এই দলটোৱে ২০২১ৰ আইপিএলত পাঞ্জাৱ কিংছ নামলৈ অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। এই বিষয়ত বিচিচিআইক দলটোৱে অৱগতো কৰিছে। বিচিচিআয়ে ইয়াৰ মান্যতাও দিছে। কিন্তু অনুষ্ঠানিক ভাৱে দলটোৱে নতুন নামৰ ঘোষণা কৰা নাই। প্ৰাপ্ত খবৰ অনুসৰি মুম্বাইত এক বৃহৎ অনুষ্ঠান আয়োজন কৰি দলটোৱে নতুন নামৰ ঘোষণা কৰিব। এই অনুষ্ঠানৰ আয়োজন আইপিএল নিলামৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। চেন্নাইত হ'বলগীয়া নিলামত দলটোৱে পাঞ্জাৱ কিংছ নামেৰে অংশ ল'ব।
No comments