Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এজন তিৰৰ বুকি-তিনি জুৱাৰিক জেল-হাজতলৈ প্ৰেৰণ ভূৰাগাওঁ আৰক্ষীৰ

গণবাৰ্তা,ভূৰাগাওঁ,৫ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই বৃহষ্পতিবাৰে বিয়লি ভাগত  ভূৰাগাওঁ...


গণবাৰ্তা,ভূৰাগাওঁ,৫ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই বৃহষ্পতিবাৰে বিয়লি ভাগত  ভূৰাগাওঁ চালিআলিত অভিযান চলাই এটা তিৰৰ ঘাটি উৎখাত কৰাৰ লগতে নেপাল মণ্ডল(৪৬) নামৰ এজন তিৰৰ বুকিক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে নিশাৰ ভাগত বৰডোবাত অভিযান চলাই এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে তিনি গৰাকী জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তিৰৰ বুকি জনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন, তিৰৰ টিকট, তিৰৰ বহী আৰু কিছু নগদ ধন জব্দ কৰাৰ লগতে তিনি জুৱাৰীৰ পৰা তাচ পাতৰ লগতে কিছু নগদ ধন জব্দ কৰে। ধৃত জুৱাৰী কেইজন খাইৰুল ইছলাম, মফিদুল ইছলাম আৰু ছাহাব উদ্দিন বুলি জানিব পৰা গৈছে। ধৃত তিৰৰ বুকি নেপাল মণ্ডলৰ বিৰুদ্ধে ভূৰাগাওঁ আৰক্ষীয়ে ১৭/২১নম্বৰত আৰু জুৱাৰী কেইজনৰ বিৰুদ্ধে ১৮/২১নম্বৰত AGB আইনৰ অধীনত পৃথকে পৃথকে গোচৰ পঞ্জীয়ন কৰি শুক্ৰবাৰে জেল-হাজতলৈ প্ৰেৰণ কৰে।  উল্লেখ্য যে মৃদুল হাজৰিকাই ভূৰাগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰাই অঞ্চলটোৰ চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক অঞ্চলটোত চলা অসামাজিক কাৰ্য-কলাপ সমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত ৰখাৰ আহব্বান সচেতন মহলৰ। 

No comments