গণবাৰ্তা বিশেষ দেৰগাঁও, ৯ ফেব্ৰুৱাৰীঃ দেৰগাঁও গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাৰ প্ৰাংগণত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কন্ঠ শিল্পী জীৱন দাসৰ...
গণবাৰ্তা বিশেষ দেৰগাঁও, ৯ ফেব্ৰুৱাৰীঃ দেৰগাঁও গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাৰ প্ৰাংগণত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কন্ঠ শিল্পী জীৱন দাসৰ এটি নতুন আধুনিক গীত’ ডাকোৱাল ‘ উন্মোচন কৰা হয়। গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে জ্যেষ্ঠ নাগৰিক শৈলেন খাউণ্ডে। খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী দেৱীয়ে আঁতধৰা অনুষ্ঠানটিত গীতটি উন্মোচন কৰে সাংস্কৃতিক কৰ্মী ৰাজু গগৈয়ে। স্থানীয় সমাজকৰ্মী যতীন বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰ্মালী হাজৰিকা, সংগীত শিক্ষয়িত্ৰী কুণ্ডন উপাধ্যায়, সাংবাদিক কুমুদ বৰা আদি ব্যক্তি সকলৰ উপৰিও সাংস্কৃতিক কৰ্মী জোনাক ঝঙ্কাৰ, সিদ্ধাৰ্থ শংকৰ বৰুৱা আদি বহু কেইজন সাংস্কৃতিকৰ লগত জড়িত বাৰন্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত অৰ্ধশতাধিক সংগীত অনুৰাগী অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। জোনাক ঝংকাৰৰ কথা আৰু বসন্ত শইকীয়াৰ সুৰেৰে সজোৱা জীৱন দাসৰ কণ্ঠ নিগৰিত ডাকোৱাল উপলব্ধ হ’ব ডিজিটেল মাধ্যমত।
No comments