ছাদিকুজ জামান মোৰাঝাৰ, ২১ ফেব্ৰুৱাৰী: গোটেই বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে ডবকাস্থিত আজমল কম্পিউটাৰ চেণ্টাৰত আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন...
ছাদিকুজ জামান মোৰাঝাৰ, ২১ ফেব্ৰুৱাৰী: গোটেই বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে ডবকাস্থিত আজমল কম্পিউটাৰ চেণ্টাৰত আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি এখনি মুকলি সভাৰ আয়োজন কৰা হয়,সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আজমল কম্পিউটাৰ চেণ্টাৰৰ কম্পিউটাৰ শিক্ষক মস্তাক আহমেদে আৰু মাতৃভাষা দিৱশৰ ওপৰত বক্তব্য আগবঢ়ায় আজমল কম্পিউটাৰ চেন্টাৰৰ প্ৰভাৰী মাচুম আহমদ চৌধূৰী ৷তেওঁ ভাষন প্ৰসংগত কয় নিজৰ সমাজ তথা দেশক আগবঢ়াই নিবলৈ হলে নিজৰ মাতৃভাষা তথা কলা সংস্কৃতিক সন্মান দিব লাগিব। কম্পিউটাৰ শিক্ষক বিজয় কুমাৰ দাসে সামৰনি ভাষনত কয় মাতৃভাষা হল আমাৰ তেজৰ লগত সম্পৰ্ক যিটো আমাৰ পৰিবেশৰ পৰা স্বতৰ্ফুত ভাবে লাভ কৰো৷ গতিকে আমি ইয়াক প্ৰতিজনে সন্মান দিব লাগে।এনেদৰে এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।
No comments