Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুছলমানে আজি কালি মৌলবী-মাতব্বৰৰ কথামতে ভোট নিদিয়ে: ৰঞ্জিত দাস

আমিৰ আলী, শালবাৰী, ১০ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা ৪০ নং সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ দাসৰ নিজ সমষ্টিৰ গোৱৰ্দ্ধনাত সদৌ অ...


আমিৰ আলী, শালবাৰী, ১০ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা ৪০ নং সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ দাসৰ নিজ সমষ্টিৰ গোৱৰ্দ্ধনাত সদৌ অসম ছাত্ৰ সন্থাৰ গোৱৰ্দ্ধনা আঞ্চলিক সমিতিৰ শ্বহীদ ভৱন নিৰ্মানৰ কামৰ আজি শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে৷প্ৰাক্তন আছু নেতা অজয় নাথকে আদি কৰি বিষয়ববীয়া সকলৰ আহ্বান ৰক্ষা কৰি এই ভৱনৰ কাম আৰম্ভ কৰে বুলি অনুষ্ঠানত উপস্থিত হৈ ভাষণ প্ৰংগত উল্লেখ কৰে ৰণজিৎ দাসে৷ তাৰ পিছত পোনেপোনে গোৱৰ্দ্ধনাস্থিত জি কে বি কলেজৰ প্ৰেক্ষাগৃহৰ ফিটা কাটি আধাৰ শিলা স্থাপন কৰে বিধায়ক দাসে৷অনুষ্ঠানত সাংবাদিকৰে হোৱা বাৰ্তালাভত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল প্ৰসংগত কটাক্ষ কৰি ৰণজিৎ দাসে কয়,“বদৰুদ্দিন আজমল এজন ৰাজনৈতিক আগ্ৰসন কৰা ব্যক্তি৷ধুবুৰী,গোৱালপাৰা আদি অঞ্চল সমুহত যি দেশী মানুহ আছে,ভাটিয়া মানুহ আছে তেওঁলোকেই পূৰ্বে সাংসদ হৈছিল৷ভাৰত স্বাধীন হোৱাৰ পিছৰেপৰা ইছলাম ধৰ্মীয় মূলৰ মানুহেই সাংসদ হৈছিল৷আজিলৈ হিন্দু মূলৰ মানুহে সাংসদ হোৱা নাই৷তেওঁলোক ইছলাম ধৰ্মীয় হ’লেও স্থানীয় মানুহ৷কিন্তু ছিলেটৰ পৰা আহি প্ৰথম বাৰৰ কাৰণে ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে দেশী সকলৰ ভাটিয়া সকলৰ মইনুল হক চৌধুৰীয়ে৷একে ছিলেটৰ বংশধৰ পিছত হোজাইত থাকি এতিয়া তিনিবাৰকৈ সেই ঠাই দখল কৰিলে৷গতিকে স্থানীয় মুছলমান মানুহে বুজি উঠিছে যে তেওঁলোকৰো ৰাজনৈতিক ক্ষমতা ক্ৰমাগতভাৱে লৈ গৈছে৷ভাৰতীয় মূলৰ মুছলমান থকাৰ পিছতো তেওঁলোকে যদি প্ৰকৃততে দেশ সেৱা কৰিব বিচাৰে তেওঁলোকে কিয় নিৰ্বাচন খেলিব লাগে৷২০২১ৰ যি নিৰ্বাচন তাতেই তেওঁলোকে বুজি উঠিব যে মুছলমান মানে কংগ্ৰেছ নহয় মুছলমান মানে এআইইউডিএফ নহয়৷আজিকালি ইছলাম ধৰ্মীয় মূলৰ ল’ৰাছোৱালীবোৰ পঢ়াশুনা কৰে, বিবেকবান হৈছে৷তেওঁলোকে বুজি উঠিছে সবকে সাথ সবকা বিকাশ নীতি৷অসমৰ ৯৬ লাখ জনসাধাৰণৰ ভিতৰত থকা ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনিও চৰকাৰী কোনো সাহায্যৰ পৰা আজিলৈ বঞ্চিত হোৱাটো দূৰৰ কথা বহু ঠাইত প্ৰয়োজনতকৈ সাহায্য বেছিকৈহে পোৱাৰ উদাহৰণ আছে৷অসমত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সাত লাখ ঘৰ দিয়া হৈছে,তাৰ ভিতৰত দুই লাখ আশী হাজাৰ তিনিশ চল্লিশটা ঘৰ লাভ কৰিছে ধৰ্মীয় সংখ্যালঘুই৷মুছলমান সকলে আজিকালি মৌলবী অথবা মাতব্বৰৰ কথাত ভোট নিদিয়ে, কাৰণ তেওঁলোকৰ লৰা-ছোৱালীৰ এতিয়া হাতে হাতে মোবাইল, লেপটপ৷ ভাল বেয়া বুজি পোৱা হৈছে৷ এইবাৰ নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ ৩০ শতাংশ ভোট লাভ কৰি চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে৷” সৰভোগ সমষ্টিৰ এটা চৰ্চিত বিষয় নিজ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে ৰণজিত দাসে৷ তেওঁ এই প্ৰসংগত কয়-“ মই ভয় খোৱা নাই আৰু মই এটা সমষ্টিৰ নিৰ্বাচন নেখেলোঁ৷ ১২৬ টা সমষ্টিত নিৰ্বাচন খেলিম, কাৰণ মই দলৰ সভাপতি৷ সৰভোগত বিজেপিৰ যিকোনো এজন পৃষ্ঠা প্ৰমুখ যদিও নিৰ্বাচনত অৱতীৰ্ণ হয় তথাপিও বিজেপি বিজয়ী হ'ব সেয়া নিশ্চিত৷”


No comments