Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হিমন্ত বিশ্ব শৰ্মাক খেলপথাৰ এৰি পলায়নবাদী খেলুৱৈ আখ্যা এসময়ৰ সতীৰ্থ ৰকিবুল হুছেইনৰ

গণবাৰ্তা,দুধনৈ,২৪ ফেব্ৰুৱাৰী:  দুধনৈত কংগ্ৰেছৰ “অসম বচাওঁ আহক” ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ তীক্ষ্ণ বাক্যবান এসময়ৰ সতীৰ্থ হিমন...


গণবাৰ্তা,দুধনৈ,২৪ ফেব্ৰুৱাৰী: দুধনৈত কংগ্ৰেছৰ “অসম বচাওঁ আহক” ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ তীক্ষ্ণ বাক্যবান এসময়ৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মালৈ ৷ বিজেপিক কটাক্ষ গৌৰৱ গগৈৰো ৷ “অসম বচাওঁ আহক” কাৰ্যসূচীৰ অংশ হিচাপে আজি দুধনৈত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন উপস্থিত হয় ৷ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচন নেখেলো বুলি কৰা মন্তব্য সন্দৰ্ভত একালৰ সতীৰ্থ ৰকিবুল হুছেইনে তীব্ৰ কটাক্ষ কৰি কয় যে- 'আধাতে মেচ নেখেলাকৈ খেলপথাৰ এৰি যায় কোনে ? সেইজনে পলায়ন কৰে যিজনৰ সম্পূৰ্ণ মেচ খেলি অধিক গ'ল খোৱাৰ ভয়ৰ আশংকা থাকে ৷' ৰকিবুলে লগতে মন্ত্ৰী হিমন্তৰ নাম নোলোৱাকৈ তেওঁক অসমৰ এজন ৰাজনৈতিক বতৰ বিজ্ঞানী বুলি আখ্যা দি কয় - 'কাৰণ যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ চৰকাৰ হ'ব বুলি জানি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল ৷ আৰু এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি জানিয়ে নিৰ্বাচন খেলাৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে ৷' আনহাতে বিজেপিৰ ১০০+ মিছন সন্দৰ্ভত ৰকিবুলে মন্তব্য কৰে -'বিজেপিে যি ১০০ + ৰ কথা কৈ আছে, সেয়া আচলতে আসনৰ কথা কোৱা নাই, দালি, মিঠাতেল, পেট্ৰল আদি সামগ্ৰীৰ মূল্য ১০০ অতিক্ৰম কৰাৰ কথাহে কৈছে ৷” আনহাতে এদিন পূৰ্বে বিজেপি সাংসদ কুইন ওজাই কংগ্ৰেছক আক্ৰমণ কৰি কৈছিল, পুৰণি এটা দলে AIUDF ৰ বকোচাত উঠি নিৰ্বাচনী বৈতাৰণী পাৰ হ’বলৈ বিচৰা কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিছিল, কুইন ওজাক প্ৰত্যুত্তৰ দি সাংসদ গৌৰৱ গগৈয়ে কয় - বিজেপিয়ে এসময়ত জম্মু কাশ্মীৰত PDP সৈতে মিত্ৰতা কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ আজিলৈকে বিজেপিয়ে দিয়া নাই ৷ ইফালে অসম,অসমীয়াক ভাল পোৱা, CAA ক মানি নলোৱা বহু লোক বিজেপি, অগপত আছে, যি সকলে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে আৰু আগন্তুক নিৰ্বাচনত সেইসকল লোকে ভিতৰি ভিতৰি কংগ্ৰেছক সহায় কৰিব বুলি যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ দুধনৈৰ মা বনবাসী মন্দিৰত সেৱা আৰু গীৰ্জাত প্ৰাৰ্থনা জনাই ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ এই কাৰ্যসূচীৰ মাজতে কংগ্ৰেছৰ শতাধিক কৰ্ম কৰ্তাই বাইক ৰেলীও উলিয়াই দুধনৈ চহৰত ৷

No comments