Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আগন্তুক বিধানসভা নিৰ্বাচনত সাংসদ আব্দুল খালেকে অসম জাতীয় পৰিষদক সহায় কৰিবঃ দলু আহমেদ

গণ বাৰ্তা বিশেষ কলগাছিয়া ১ ফেব্ৰুৱাৰী :  নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতা সকলৰ মুখ চুপতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছ...


গণ বাৰ্তা বিশেষ কলগাছিয়া ১ ফেব্ৰুৱাৰী :  নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতা সকলৰ মুখ চুপতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জনীয়া সমষ্টিৰ অন্তৰ্গত ঘুগুবাৰী জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম জাতীয় পৰিষদ দলৰ এখন বুথ কৰ্মী সভা অনুষ্ঠিত হয়। অসম জাতীয় পৰিষদৰ জনীয়া সমষ্টি কমিটিৰ সভাপতি তাৰিক হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম জাতীয় পৰিষদৰ উপ-সভাপতি তথা বৰপেটা জিলাৰ তত্ত্বাবধায়ক দলু আহমেদ উপস্থিত থাকি বিজেপি আৰু ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি ক্ষুৰধাৰ সমালোচনা কৰে।তেওঁ আৰু কয় যে কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই । কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কেৱল কম্পিউটাৰত কংগ্ৰেছ চলাইছে বুলি কোৱাৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে সমাগত বিধান সভাৰ নিৰ্বাচনত কেতিয়াও কংগ্ৰেছ বা ইউ ডি এফৰ প্ৰাৰ্থীক জিকিবলৈ নিদিয়ে। তাৰ কাৰণে অসম জাতীয় পৰিষদৰ লাভ হ'ব আৰু বিপুল ভোটৰ ব্যৱধানত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব বুলি দাবী কৰে। সভাত ৰিপুণ বৰাৰ বিৰুদ্ধেও দুলু আহমেদে তিৰ্যক মন্তব্য কৰি কয় যে এতিয়া  কংগ্ৰেছৰ সেই দিন নাই। ৰিপুণ বৰাই নিজেই গোপনীয় বাবে বিজেপিৰ লগত যোগাযোগ ৰাখিছে। সভাত অসম জাতীয় পৰিষদৰ বৰপেটা জিলাৰ মূখ্য আহ্বায়ক ইদ্ৰিছ আলী আহমেদেও বিজেপি এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰি সমাগত নিৰ্বাচন অসম জাতীয় পৰিষদে দিছপুৰ দখল কৰিব বুলি মন্তব্য কৰিছে। সভাত কেন্দ্ৰীয় কমিটিৰ কাৰ্য্যনিৰ্বাহক সদস্য শুকুৰ আলী আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে , প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, সাংগঠনিক সম্পাদক গায়নে ভাষণ প্ৰদান কৰে। নলবাৰী জিলাৰ সম্পাদক শৰৎ কলিতা, প্ৰাক্তন আছু নেতা ৰমনি মালাকাৰ, বিশিষ্ট সাংবাদিক ৰাতুল ৰণজন চৌধুৰী, ৰাতুল শৰ্মা, দুলুমনি তালুকদাৰ, (নাৰী শক্তি) দিপেন তালুকদাৰ (যুৱ শক্তি) নিতুল পাটোৱাৰী বৰপেটা জিলা কমিটিৰ আহ্বায়ক উপস্থিত থাকে । সভাত কেবাশতাধিক অসম জাতীয় পৰিষদৰ কৰ্মী সমৰ্থক উপস্থিত থাকে।

No comments