Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৌলাশালৰ অৱসৰী প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাক বিদায় সম্বৰ্ধনা

গণ বাৰ্তা ,চেঙা,  ৫ ফেব্ৰুৱাৰীঃ  নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্যতম শিক্ষানুষ্ঠান দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱ...


গণ বাৰ্তা ,চেঙা,  ৫ ফেব্ৰুৱাৰীঃ  নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্যতম শিক্ষানুষ্ঠান দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাক আজি বিদ্যালয় কৰ্তৃপক্ষই আৰু ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনায়। উল্লেখ্য যে লকডাউনৰ সময়তে যোৱা ৩১ মাৰ্চত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই ।  ১৯৭৯   চনতে বিদ্যালয়খনত শিক্ষক হিচাপে নিযুক্ত হৈ চাৰি দশকৰো অধিক কাল বিদ্যালয়খনৰ জৰিয়তে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাই অহা ভৱেন কুমাৰ কলিতাই অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজী শিক্ষা দান কৰি শৈক্ষিক দিশত প্ৰভূত বৰঙণি যোগাইছিল। আজি বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰিফুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বিদায়ী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সম্পাদক ভাৰ্গৱ চৌধুৰীয়ে । সহকাৰী শিক্ষক ৰমণী নাথ আৰু গণেশ তালুকদাৰে আঁত ধৰা সভাখনত জ্যেষ্ঠ শিক্ষক অনন্ত ডেকা, গায়ত্ৰী নাথ, হৰগোবিন্দ নাথ , নৱ কুমাৰ কলিতা, ললিতা দাস, জয়ন্ত দাসকে ধৰি বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অৱসৰী প্ৰধান শিক্ষক ভৱেন কলিতাৰ শিক্ষক-জীৱন আৰু কৰ্ম জীৱনৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। সদ্য অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীৰ কাৰ্যকালত বিদ্যালয়ৰ আন্ত:গাঠনিৰ লগতে এক সুস্থ বিদ্যায়তনিক পৰিৱেশ গঢ় লৈ উঠিছিল। শিক্ষকতাৰ সমান্তৰালভাৱে তেখেতে সমাজসেৱা আৰু সাহিত্য চৰ্চাও কৰিছিল। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পৃথকে পৃথকে শৰাই, গামোচা, কিতাপৰ টোপোলা, জাপি, কলম, ধৰ্মগ্ৰন্থ , ছাতি আৰু মানপত্ৰৰে সাদৰ সম্বৰ্ধনা জনায় । প্ৰিয় শিক্ষাগুৰুৰ বিদায়ত আবেগিক হৈ বক্তব্য প্ৰদান কৰে লোকমিনা পাৰবিন, পল্লৱ বৰুৱা, মৃণাল নাথ, ময়ূৰী বৰ্মন, চুহানা হক , জবা নাথকে আদি কৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে । বিৰিণা গোষ্ঠী,অসমৰ সভাপতি তথা স্থানীয় সাংবাদিক লীলাধৰ পাঠকে সভাত উপস্থিত থাকি শিক্ষক,শিক্ষা আৰু ছাত্ৰ-ছাত্ৰী সম্পৰ্কত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। বিদ্যালয় পৰিচালনা সমিতিৰ হকে বক্তব্য প্ৰদান কৰে দেবেন ঠাকুৰীয়াই । বিদায় সভাত বিদায়ী প্ৰাৰ্থী অৱসৰী প্ৰধান শিক্ষক ভৱেন কুমাৰ‌ কলিতাই ভাষণ আগবঢ়ায় আবেগিক হৈ পৰে ।

No comments