Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাগ্ৰিজুলীত সৌৰশক্তি চালিত সমূহীয়া বৈদ্যুতিক বেৰৰ শুভ উদ্বোধন আৰু হস্তান্তৰ অনুষ্ঠান

আৰিফ আহমেদ,তামুলপুৰ,৫ ফেব্ৰুৱাৰী:  অৰণ্যক নামৰ এটি বেচৰকাৰী সংস্থা যিয়ে বিগত ৩২ বছৰে বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰ বাবে কাম কৰি আছে  l  আজি নাগ...


আৰিফ আহমেদ,তামুলপুৰ,৫ ফেব্ৰুৱাৰী: 
অৰণ্যক নামৰ এটি বেচৰকাৰী সংস্থা যিয়ে বিগত ৩২ বছৰে বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰ বাবে কাম কৰি আছে আজি নাগ্ৰীজুলি অঞ্চলত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে অৰণ্যকে নিৰ্মান কৰা ১৮ কিলোমিটাৰ যোৰ বনাঞ্চলত বৈদ্যুতিক বেৰৰ শুভাৰম্ভনি কৰা হয় সভাত উপস্থিত থকি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে -হাতী মানুহৰ সংঘাটৰ বিষয়ে আমি যদি পৰ্যালোচনা কৰি চাওঁ তেন্তে আমি অনুধাৱন কৰিব পাৰিম যে এয়া মানুহৰে দ্বাৰা সৃষ্টি কৰা এটা সমস্যা l অনুস্থানত উপস্থিত থাকি ৰঞ্জিত বসুমতাৰীয়ে অৰণ্যকৰ সমুহ কৰ্মকৰ্তাক ধন্যবাদ জনায় বিগত বহু বছৰে নাগ্ৰীজুলি অঞ্চলত হাতীৰ গচকত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু আমি হাতী মানুহৰ মাজত সু-সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিলো কিন্ত বহু প্ৰচেস্তাৰ পিছত এইবাৰ অৰণ্যকৰ সহযোগত হাতী মানুহৰ সংঘাট বহু পৰিমানে হলেওঁ ৰোধ কৰিব পৰা যাব বুলি তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে মত প্ৰকাশ কৰে উক্ত অনুস্থাত বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে বক্তব্য আগবঢ়ায় কয় যে- বনাঅঞ্চলৰ কাষত বসবাস কৰা লোক সকলে হাতীৰ প্ৰিয় খেতি নকৰি অন্য বিকল্প খেতি কৰিবলৈ আহ্বান জনায় আৰু বৈদ্যুতিক বেৰৰ ব্যাৱস্থা বহল ভিত্তিত লৱলৈ আহ্বান জনায় বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক জয়ন্ত পাঠকে আতধৰা অনুস্থানত অৰণ্যকৰ সঞ্চালক ডা• বিভক কুমাৰ তালুকদাৰ ,বাক্সা জিলা বন বিভাগৰ জিলা বন বিষয়া দিপুল বৰ্মন,বন বিভাগৰ এচিএফ আব্বাছ আলী ,নাগ্ৰীজুলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া কৈলাশ মালাকাৰ,ফুকন ডেকা ,বিভূতি প্ৰসাদ দাসকে ধৰি নাগ্ৰীজুলি অঞ্চলৰ প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থাকে l


No comments