Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পেঙেৰীত মাৰাথান দৌৰ প্ৰতিযোগিতা; পাঁচ শতাধিক খেলুৱৈৰ অশংগ্ৰহণ

গণ বাৰ্তা,ফিল'বাৰী,২৪ ফ্ৰেব্ৰুৱাৰীঃ পেঙেৰীৰ সমন্বয় সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ ত...


গণ বাৰ্তা,ফিল'বাৰী,২৪ ফ্ৰেব্ৰুৱাৰীঃ পেঙেৰীৰ সমন্বয় সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ তথা আগুন্তুক বিধানসভা নিৰ্বাচনৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা টিকটৰ দাবিদাৰ লক্ষ্য কোঁৱৰ সহযোগত আজি পেঙেৰীত এক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে ফ্লেগ আপ কৰা প্ৰতিযোগিতাখনি পেঙেৰীৰ ব্ৰহ্মাজান পুলিবাৰী খেলপথাৰৰ পৰা  আৰম্ভ হোৱা দৌৰ প্ৰতিযোগিতাখনি পেঙেৰীৰ ক্লাৱত সামৰণি পৰে|প্ৰায় ৭ কিলোমিটাৰ হোৱা মুকলি মাৰাথন প্ৰতিযোগিতা লৰাৰ দুটা শাখাত আৰু ছোৱালীৰ এটা শাখাত অনুষ্ঠিত হয়।লৰাৰ ছিনিয়ৰ শাখাত প্ৰথম যোৰহাটৰ বিজয় ডেকাক ট্ৰফি মানপত্ৰসহ নগদ ১০,০০০ টকা,দ্বিতীয় মাৰ্ঘেৰিটাৰ সঞ্জয় ভুমিজক ট্ৰফি মানপত্ৰসহ নগদ ৭,০০০ টকা আৰু তৃতীয় স্থান লাভ কৰা ডিগবৈ টিংৰাইৰ বিকাশ চাউতালক ট্ৰফি মানপত্ৰসহ নগদ ৫,০০০ টকা প্ৰদান কৰে।লৰাৰ জুনিয়ৰ শাখাৰ প্ৰথম  অনমল নেৱাৰ,দ্বিতীয় উমেশ বৰ্মা আৰু তৃতীয় এলেন  মুৰ্মুক ট্ৰফি মানপত্ৰসহ নগদ ধন প্ৰদান কৰে।লৰাৰ জুনিয়ৰ শাখাত স্থান লাভ কৰা সকলো খেলুৱৈ পেঙেৰীৰ।ছোৱালীৰ শাখাত প্ৰথম ধেমাজীৰ ৰেখামণী শইকীয়া,দ্বিতীয় ৰাধিকা গোচাই আৰু তৃতীয় লক্ষী ভুমিজ দুয়ো ডিগবৈ টিংৰাইৰ।স্থান লাভ কৰা তিনিওগৰাকী খেলুৱৈক ট্ৰফি, মানপত্ৰসহ নগদ ধন প্ৰদান কৰে।আজিৰ মাৰাথণ দৌৰ প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পেঙেৰী সেনা চাউনীৰ মেজৰ ললিত শৰ্মাসহ অঞ্চলটোৰ বহু কেইজন গণ্য মান্য ব্যক্তি | বৃহত্তৰ পেঙেৰীৰ অঞ্চলৰ উপৰিও উজনি অসমৰ কেইবাটাও জিলাৰ প্ৰায় পাঁচ শতাধিত খেলুৱৈ লগতে স্থানীয় মহিলা সকলেও মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ লক্ষ্য কোৱৰৰ ফটো সম্ভলিত জাৰ্ছি প্ৰদান কৰে।

No comments