Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৈৰাবাৰী কলেজত লোকসেৱা আয়োগৰ পৰীক্ষাৰ বক্তৃতানুষ্ঠান সম্পন্ন

গণবাৰ্তা,বেচামাৰি,২২ ফেব্ৰুৱাৰী: মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ত 20 ফেব্ৰুৱাৰীত ছেমিনাৰ হলত পুৱা 11 বজাত অনুষ্ঠিত হয় লোকসেৱা আয়োগৰ পৰীক্...


গণবাৰ্তা,বেচামাৰি,২২ ফেব্ৰুৱাৰী: মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ত 20 ফেব্ৰুৱাৰীত ছেমিনাৰ হলত পুৱা 11 বজাত অনুষ্ঠিত হয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে এক বক্তৃতানুষ্ঠান|  মহাবিদ্যালয়ৰ Student Support & Progression Cellৰ সমন্বয়ক ডঃ ময়িদুল ইছলামে আঁত ধৰা বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ জ্যেষ্ঠ পৰিসাংখ্যিক বিষয়া নুৰুল আমিন| তেওঁ নিজৰ বক্তব্যত কয় যে পৰীক্ষাত ভাল ফলাফল দাঙি ধৰি আকাংক্ষিত লক্ষ্যত উপনীত হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলে সু-পৰিকল্পিতভাৱে নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগিব ৷ লগতে তেওঁ কয় যে অসমৰ পৰা আই এ এছ বা আই পি এছ বিষয়া হোৱাৰ দক্ষতা নতুনচামৰ মাজত আছে| কিন্তু সমাজৰ অগ্ৰজসকলে বিশেষকৈ মহাবিদ্যালয়ৰ শিক্ষকসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে পিছপৰা অঞ্চলৰ পৰাও দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি হোৱাটো একো ডাঙৰ কথা নহয় | ইপিনে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰী তৌছিফা শ্বাহিনে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰয়োজনীয় মূল্যৱান কৌশল সম্পৰ্কে চমু বক্তব্য ৰাখে|সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হ'বলৈ বিশেষভাৱে প্ৰেৰণা যোগায় মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ৰফিকুল ইছলাম আৰু জ্ঞান বিজ্ঞান সমিতি, অসমৰ সভাপতি মজিবুৰ ৰহমানে| অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ডঃ ৰেহেনা আহমেদে|

No comments