Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিফুত অৰ্গেনাইজেছন কনক্লেভৰ সংবাদমেল; ২৫ ফেব্ৰুৱাৰীৰ শান্তি চুক্তিত ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ ২৪৪(ক) অন্তৰ্ভূক্ত কৰাৰ দাবী

গণবাৰ্তা বিশেষ,ডিফু, ২৪ ফেব্ৰুৱাৰীঃ অহা ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰবি আংলঙ ভ্ৰমণৰ পূৰ্বে পাহাৰীয়া জিলা কাৰবি আংলং আৰ...


গণবাৰ্তা বিশেষ,ডিফু, ২৪ ফেব্ৰুৱাৰীঃ অহা ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰবি আংলঙ ভ্ৰমণৰ পূৰ্বে পাহাৰীয়া জিলা কাৰবি আংলং আৰু ডিমা হাছাওৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ ২৪৪(ক) ৰূপায়নৰ প্ৰসংগই পুণৰ চৰ্চা লাভ কৰিছে ৷ বিভিন্ন দল-সংগঠনৰ লগতে সদ্য ভূমিষ্ঠ ২৫ সংগঠনৰ একত্ৰিত সংগঠন অৰ্গেনাইজেছন কনক্লেভ চমুকৈ অচি য়ে বিষয়টো সন্দ্ৰ্ভত আজি জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মঙলবাৰে গুৱাহাটীৰ শংকৰদেৱ কলা ক্ষেত্ৰত কেএনএলএফ, কেপিএলটি, পিডিচিকে ধৰি কেইবাটাও সহস্ৰ সংগঠনৰ কেডাৰ সকলে মুখ্যমন্ত্ৰীৰ ওচৰত আনুষ্ঠানিকভাবে অস্ত্ৰ সম্বৰণ কৰি মূলসূতিলৈ ঘূৰি অহা কাৰ্যক প্ৰশংসা কৰিছে অৰ্গেনাইজেছন কনক্লেভে ৷ যিহেতু ২৫ ফেব্ৰুৱাৰীতে কাৰবি আংলং জিলাৰ ডেন আৰঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাসৰ সাক্ষাতৎ সংগঠন সমূহৰ সৈতে এক শান্তি চুক্তি হবলৈ গৈ আছে,  তেনে ক্ষেত্ৰত হবলগীয়া চুক্তিত ভাৰতীয় সংবিধানৰ ২৪৪(ক) বিষয়টো সন্নিষ্ট কৰিহে চুক্তি সম্পাদন কৰিবলৈ সংগঠন সমূহলৈ অাহ্বান জনাইছে অচিয়ে ৷ এই দাবী জিলাবাসীৰ বহু আকাংক্ষিত দাবী ৷ ২৪৪(ক) অবিহনে চুক্তি হলে ভৱিষ্যতলৈ অৰ্গেনাইনাইজেচনে গণতান্ত্ৰিক আন্দোলন কৰা হব বুলি সংগঠনটোৰ মুখপাত্ৰ দ্বয়ে সংবাদমেল যোগে হুংকাৰ দিয়ে ৷

No comments