Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিহিং পাটকাই অভয়াৰণ্যত চলিছে অবাধ বনধ্বংস যজ্ঞ; গভীৰ নিদ্ৰাত বন বিভাগ

গণ বাৰ্তা, ডিব্ৰুগড়, ৮ ফেব্ৰুৱাৰীঃ দিহিং পাটকাই অভয়াৰণ্যৰ বন ধ্বংস, পৰিৱেশৰ ভাৰসাম্যতা, শিল-বালি-কয়লা খনন, ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি এইসমূহ ...


গণ বাৰ্তা, ডিব্ৰুগড়, ৮ ফেব্ৰুৱাৰীঃ দিহিং পাটকাই অভয়াৰণ্যৰ বন ধ্বংস, পৰিৱেশৰ ভাৰসাম্যতা, শিল-বালি-কয়লা খনন, ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি এইসমূহ বিষয় লৈ ধাৰাবাহিক ভাৱে  বিগত বগুৰ  বছৰ ধৰি বাতৰি প্ৰকাশ পাই আহিছে। দৈনন্দিন অভয়াৰণ্য খনৰ ভিতৰচৰাত চলি থকা বন ধ্বংস আৰু অবৈধ কাঠৰ ব্যৱসায়ে ক্ৰমাৎ কোঙা কৰি পেলাইছে পূৱৰ আমাজন খ্যাত অসমৰ গৌৰৱ দিহিং পাটকাই অভয়াৰণ্য খনক। উল্লেখ্য যে এই অবৈধ কাম-কাজ আৰু বনধ্বংসৰ লগত জড়িত দুষ্টচক্ৰক ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা লোৱাৰ উদ্দেশ্যে প্ৰশাসন তথা উদ্ধতন কৰ্তৃপক্ষই কাৰ্যপন্থা হাতত লোৱা দেখা গৈছিল যদিও কাৰ্যত ই হ'ল গৈ এক ভেকো-ভাওঁ‌না। শেহতীয়াকৈ অভয়াৰণ্য খনৰ ভিতৰৰ বিভিন্ন স্থানত অবৈধ ব্যৱসায়ী আৰু বন বিভাগৰ মিতিৰালিৰ ফলস্বৰূপে পৰি ৰৈছে শ শ জোপা বৃহৎ আকাৰৰ মূল্যৱান গছ আৰু কুণ্ডা। দৈনিক শ শ গছৰ ধ্বংসযজ্ঞ আৰু চোৰাং কাঠৰ ব্যৱসায় দেখিও চকু মুদা কুলিৰ ভাও ত মগ্ন বন বিভাগ। ২০২১ চনৰ প্ৰথম দিনটোতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এক ঘোষণা যোগেদি অসম চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত কৰাৰ আনুষ্ঠানিক কাম-কাজ তথা বনাঞ্চলখনৰ এলেকাৰ ভিতৰত থকা ভূমি সম্পৰ্কীয় যিকোনো স্বত্ব বা দাবী নিৰ্দিষ্ট প-পত্ৰত লিখি বন সংমণ্ডল প্ৰাধিকাৰী, ডিব্ৰুগড় আৰু ডিগবৈৰ হাতত জাননী জাৰি কৰাৰ দুমাহৰ ভিতৰত জমা দিবলৈ জনসাধাৰণক আহ্বান জনাইছিল। স্বাভাৱিকতে চৰকাৰৰ এই পদক্ষেপ আৰু ঘোষণাক আদৰণি জনাই প্ৰকৃতিপ্ৰেমীৰ লগতে বিভিন্ন দল-সংগঠন তথা ৰাইজে বনাঞ্চল খনৰ এক সুন্দৰ ভৱিষ্যৎ আশা কৰিছিল যদিও শেহতীয়াকৈ ঘটা এই ধাৰাসাৰ বন ধ্বংসই নিদ্ৰা হৰিছে সকলোৰে। বনাঞ্চল খনৰ ভিতৰত বিভিন্ন স্থান যেনে শুকানজুৰি, নাগফান, কঠালগুৰি, দিল্লীঘাট আদিত এক্সেভেটৰৰ দৰে আধুনিক যন্ত্ৰ-পাতিৰ দ্বাৰা দুষ্টচক্ৰই প্ৰকৃতিৰ ওপৰত চলোৱা অতিশয্যা আৰু পৰি ৰোৱা মহা মূল্যৱান কাঠৰ পৰিমাণলৈ লক্ষ্য কৰিলে সংকিত হ'ব যিকোনো চাক্ষুষকাৰী। এতিয়া বন বিভাগৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ লগতে আৰক্ষীৰ দায় সৰা ভূমিকাৰ ফলস্বৰূপে তীব্ৰ সংকটত পৰি স্বকীয়তা হেৰুওৱাৰ উপক্ৰম ঘটিছে পৃথিৱী বিখ্যাত দিহিং পাটকাই অভয়াৰণ্যৰ। চৰকাৰী নথিপত্ৰত দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হোৱালৈকে এই গতিত বন ধ্বংস হৈ থাকিলে এক শুকান মৰুভূমিকলৈ যে বিভাগে ফলক লগাব নালাগিব তাৰ কোনো সন্দেহ নাই।

No comments