Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নেলী গণহত্যাৰ প্ৰতিবাদত বাক্সাৰ নৰশিংবাৰীত কলা দিৱস পালন আমছুৰ

গণ বাৰ্তা, শালবাৰী, ১৮ফেব্ৰুৱাৰী:  ১৮ ফেব্ৰুৱাৰী দিনটো অসমৰ ইতিহাসৰ এক কলা অধ্যায়। ১৯৮৩ চনৰ আজিৰ দিনটোত অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত নেলীত হাজাৰ হ...


গণ বাৰ্তা, শালবাৰী, ১৮ফেব্ৰুৱাৰী: ১৮ ফেব্ৰুৱাৰী দিনটো অসমৰ ইতিহাসৰ এক কলা অধ্যায়। ১৯৮৩ চনৰ আজিৰ দিনটোত অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত নেলীত হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় সংখ্যালঘু লোকক নিৰ্মমভাৱে হত্যা কৰি গণতন্ত্ৰক কবৰ দিছিল। আজি ৩৮ টা বছৰ সময় উকলি যোৱাৰ পিছতো কোনো এখন চৰকাৰে উক্ত হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা নকৰিলে। আনকি তদন্তৰ বাবে গঠন কৰি দিয়া তিৱাৰী আয়োগে তদন্ত কৰি দাখিল কৰা প্ৰতিবেদনো আজিৰ তাৰিখতলৈকে ৰাজহুৱা নকৰিলে আৰু ভূক্তভোগী পৰিয়ালেও কোনো ন্যায় নাপালে। যাৰ ফলত আমছুৱে প্ৰতি বছৰে উক্ত দিনটোক কলা দিৱস হিচাপে পালন কৰি অহাৰ লগতে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে হত্যাকাৰীক শাস্তি প্ৰদান কৰাৰ দাবী জনাই আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলা আমছুৱেও নৰশিংবাৰী আঞ্চলিক সমিতিৰ সহযোগত  শ্বহীদসকলক স্মৰণ কৰি শীঘ্ৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত কলা বেজ পৰিধান কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে কলা দিৱস পালন‌ কৰে। বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত সভাপতি গৰাকীয়ে চৰকাৰক সমালোচনা কৰি কয় যে অকল ধৰ্মীয় সংখ্যালঘু লোক হত্যা হোৱাৰ বাবেই আজিলৈকে ন্যায়ৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপিত কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে অনাগত দিনত আমছুয়ে ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি মন্তব্য আগবঢ়ায়। উক্ত কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় উপ সভাপতি সাকিল আহমেদে উপস্থিত থাকি তেওঁৰ ভাষণত কয় যে গণতান্ত্ৰিক দেশ এখনত এইটোৱেই নজিৰ বিহিন ঘটনা, ইমান নিৰিহ মানুহ হত্যা হোৱা হোৱাৰ পিছতো হত্যাকাৰীৰ শাস্তি দিয়াৰ লগতে ভূক্তভোগী পৰিয়ালক ন্যায় দিয়া নহ'ল। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আব্দুল ৰহিম, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি গিয়াছ উদ্দিন, সম্পাদক নুৰ নবিৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ অন্যান্য বিষয়ববীয়া সকলে।

No comments