Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা পুনৰ "আছু"ৰ দখলত

  ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ১০ ফেব্ৰুৱাৰী : যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়নৰ ফলাফল আজি ঘোষণা কৰা হয় ৷ ক্ৰম...

 


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ১০ ফেব্ৰুৱাৰী : যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়নৰ ফলাফল আজি ঘোষণা কৰা হয় ৷ ক্ৰমাগত পঞ্চমবাৰৰ বাবে সভাপতি,সাধৰণ সম্পাদককে ধৰি সকলো পদতে এককভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৷ এইবাৰ অতি আশ্চৰ্য্যৰ বিষয় যে "আছু" বিৰোধী সংগঠনসমূহে মনোনয়ন পত্ৰ পূৰণ কৰি জমা কৰাটো বাদেই,সংগ্ৰহেই কৰিব নোৱাৰিলে ৷ বিগত পাঁচ বছৰৰ দৰে এইবাৰে ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এককভাৱে সকলো পদবীত জয়লাভ কৰাৰ পাছত মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড,সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ,উপ-সভাপতি অৰ্জুনমনি ভূঞা,যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঐনিতম দত্ত,সাধাৰণ সম্পাদক ৰিয়াজ হুচেইনৰ নেতৃত্বত এটি দল উপস্থিত হৈ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক একোখনকৈ ফুলাম গামোছাৰে অভিনন্দন জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে মহাবিদ্যালয়ৰ আছু গোটৰ সদস্যসকলে "জয় আই অসম", "সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ","জে বি কলেজ আমাৰ স্বাভিমান" ইত্যাদি শ্লোগানৰ লগতে বোমা-ফটকা ফুটাই হৰ্ষোল্লাস কৰে ৷ বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয়, অগতানুগতিক আৰু গঠনমূলক চিন্তা-চৰ্চাক প্ৰাধান্য দি পূৰ্বৰ দৰে এইবাৰো নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে নীতি আৰু মূল্যবোধৰ আধাৰত মহাবিদ্যালয়ৰ স্বাৰ্থত ব্ৰতী হৈ সেৱা আগবঢ়াই যাব বুলি আমি আশাবাদী,ছাত্ৰ সন্থাই সকলোধৰণে এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ দায়বদ্ধ ৷ একেতা বিবৃতিতে জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোটৰ সভাপতি মনদীপ গোস্বামী,বিদায়ী ছাত্ৰ একতা সভাৰ সভাপতি বিশাল সৌৰভ গুহাই কয়,সভাপতি পদত ৰাজপ্ৰীতম বৰা,উপ-সভাপতি পদত মিন্টু গগৈ,সাধাৰণ সম্পাদক পদত অংশুমান দিহীংঙীয়া, সহকাৰী সাধাৰণ সম্পাদক পদত দেৱৰাজ দত্ত, সাংস্কৃতিক সম্পাদক পদত মানস প্ৰতীম বৰা, লঘূ ক্ৰিয়া সম্পাদক পদত ৰামানুজ বৰা, আলোচনী সম্পাদক পদত প্ৰিয়ংকা কলিতা তৰ্ক সম্পাদক পদত অমৰ জ্যোতি দত্ত, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত শশাংক দত্ত,ছাত্ৰী জিৰণি কোঠা সম্পাদক পদত মেহনাজ আফ্ৰিন,ক্ৰিকেট সম্পাদক পদত সৌৰভপ্ৰাণ বৰা,ফুটবল সম্পাদক পদত চিন্ময় মেছ,সাহিত্য চ'ৰা সম্পাদক পদত নাচিৰ ৰেহমান,প্ৰসাৰণ সেৱা সম্পাদক পদত ৰাজীউল্লাহ আনছাৰী নিৰ্বাচিত হৈছে ৷

No comments