গণ বাৰ্তা, ছয়গাঁও ,২৫ ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সহযোগত তথা ছয়গাঁও, বনগাঁও আৰু গৰৈমাৰী...
গণ বাৰ্তা, ছয়গাঁও ,২৫ ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সহযোগত তথা ছয়গাঁও, বনগাঁও আৰু গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি বনগাঁও শান্তি নিজৰা ক্লাবত বুথ সংকল্প শিবিৰ অনুষ্ঠিত হয় । এই সংকল্প শিবিৰৰ আৰম্ভণিতে কা আন্দোলনৰ শ্বহীদ দাসৰ লগতে প্ৰয়াত মূখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে। কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জিয়াউৰ ৰহমান চহৰয়ীয়াই পৰিচালনা কৰা এই শিবিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাস, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বিধায়ক নুৰুল হুদা, ৰাজ্যিক মিডিয়া কোষৰ অধ্যক্ষ ববিতা শৰ্মা, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস , প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জেমছ লিংডো, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাণী নৰহকে ধৰি কেবাগৰাকী দলীয় নেতা উপস্হিত থাকে । সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ বুথ কমিটিৰ সদস্য সকলক প্ৰশিক্ষণ দিয়াৰ বাবে এই সংকল্প শিবিৰৰ আয়োজন কৰিছে। সভাত কংগ্ৰেছ নেত্ৰী ৰাণী নৰহে বুথ কমিটিৰ সদস্য সকলক শপত বাক্য পাঠ কৰায় । এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্রীক সৰ্বানন্দ সোণোৱালক ছিণ্ডিকেটৰ পৃষ্ঠপোষক বুলি তীব্ৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্রীয়ে বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়াম সকলোতে একেলগে ছিণ্ডিকেট আৰম্ভ কৰিছে । কা আইন খন অসমৰ বাবে সৰ্বনাশী আইন বুলি মন্তব্য কৰি কয় যে বিজেপিয়ে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ভাবে অসমখন গ্ৰাস কৰিবলৈ লৈছে । অসমত যেতিয়াই দুৰ্যোগ আহে তেতিয়াই কংগ্ৰেছ নেতৃত্বই অসমৰ ৰাইজৰ লগত থিয় দিয়ে বুলি মন্তব্য কৰি কয় তেওঁ কয় যে বিজেপি দলে কয় এটা কৰে এটা ।
No comments