Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাবুৰহাটত ৰাইজৰ দলৰ বিশাল গণ সমাবেশ; প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা সহ কেইবাজনো কংগ্ৰেছী নেতাৰ ৰাইজৰ দলত যোগদান

গণবাৰ্তা  বিলাসীপাৰা, ২৫ ফেব্ৰুৱাৰী : ৰাজ্যত সমাগত ২১ ৰ বিধান সভা নিৰ্বাচন। ২১ ৰ বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি পশ্চিম বিলাসীপাৰাতো দল বাগৰ...


গণবাৰ্তা 
বিলাসীপাৰা, ২৫ ফেব্ৰুৱাৰী: ৰাজ্যত সমাগত ২১ ৰ বিধান সভা নিৰ্বাচন। ২১ ৰ বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি পশ্চিম বিলাসীপাৰাতো দল বাগৰা ৰাজনীতিৰ ধুম উঠিছে। দুবাৰকৈ বিধায়ক হোৱা আলী আকবৰ মিঞা সহ কেইবাজনো কংগ্ৰেছী নেতাৰ ৰাইজৰ দলত যোগদান। ২১ ৰ বিধান সভা নিৰ্বাচন সমাগত।  নিৰ্বাচনৰ আগমুহূৰ্তত নামনি অসমৰ ধুবুৰী জিলাৰ পশ্চিম  বিলাসীপাৰাতো দল বাগৰা ৰাজনীতিৰ ধুম উঠিছে। ২৬ নং পশ্চিম বিলাসীপাৰা বিধান সভা সমষ্টিৰ বাবুৰহাটত স-দলে বলে ৰাইজৰ দলত যোগদান কৰে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা আলী আকবৰ মিঞাই।  বুধবাৰে সন্ধিয়া বিলাসীপাৰাৰ বাবুৰহাট বজাৰৰ এখন খেল পথাৰত ৰাইজৰ দলৰ বিশাল গণ সামাবেশ আৰু যোগদান সভা অনুষ্টিত হয়। দলৰ সম্পাদক আশ্ৰাফুল ইছলাম, কেন্দ্ৰীয় উপ সভাপতিদ্বয় ক্ৰমে দিলিপ বৰা আৰু ৰাছেল ইছলাম উপস্থিত থকা গণ সমাবেশত বৃহৎ সংখ্যক সমৰ্থকক লৈ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা আলী আকবৰ মিঞাই আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে। উল্লেখ্য যে সমষ্টিটোৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা মিঞাৰ যোগদানে দলটোক সমষ্টিটোত আৰু অধিক শক্তিশালী কৰি তুলিব বুলি কেন্দ্ৰীয় নেতৃবৃন্দই মন্তব্য কৰে।  দলৰ ধুবুৰী জিলা সমিতিৰ সভাপতি জগন্নাথ ভকতৰ সভাপতিত্বত আয়োজিত সমাবেশত কেবাগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্য্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে।

No comments