Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইত কৃষি বিভাগৰ ৬ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

কফিল বৰভুঞা, হোজাই ৩ ফেব্ৰুৱাৰী:  অসম চৰকাৰৰ হোজাই জিলা কৃষি বিভাগৰ অধীনত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু ক...


কফিল বৰভুঞা, হোজাই ৩ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ হোজাই জিলা কৃষি বিভাগৰ অধীনত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়ক সহ ৬ গৰাকী কৰ্মচাৰীক আজি আনুষ্ঠানিক বাবে হোজাই জিলা কৃষি বিভাগৰ কাৰ্যালয়ত বিদায় সম্ভাষণ জনোৱা হয় ৷ এই উপলক্ষে আজি দুপৰীয়া হোজাই জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা কৃষি বিষয়া তৰুণ হাজৰিকাৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয় ৷ এই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে- পৰাগধৰ মহন্তই ৷ সভাৰ  অৱসৰ গ্ৰহণ কৰা কৃষি বিভাগৰ কৰ্মচাৰী ক্ৰমে- কৃষি পৰিদৰ্শক অকন চন্দ্ৰ নেওঁগ, সহকাৰী কৃষি পৰিদৰ্শক তাৰানাথ কলিতা, সহকাৰী কৃষি পৰিদৰ্শক ভবেন বৰা, কৃষি সম্প্ৰসাৰণ সহায়ক ক্ৰমে- অনুপ কুমাৰ দে, ৰবিন্দ্ৰনাথ কাকতী আৰু গিৰীন্দ্ৰ কলিতাক একোখনকৈ ফুলাম গামোচা, জাপি, শৰাই , মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত জিলা কৃষি বিষয়া তৰুণ হাজৰিকাৰ লগতে মহকুমা কৃষি বিষয়া, কৃষি সম্প্ৰসাৰণ বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসহ হোজাই জিলা কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে ৷ বিদায় সভাত কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ লগতে কৃষি বিষয়া তৰুণ হাজৰিকা আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ উক্ত সভাত বিউটি গগৈ, ৰমজান আলী ভূঞা, আলতাফ হুছেইন লস্কৰ, সুকন্যা গগৈ, বিপুল চন্দ্ৰ বৰা, প্ৰফুল্ল বাগলাৰীসহ অন্যান্য কৰ্মচাৰী উপস্থিত থাকি অৱসৰ গ্ৰহণ কৰাসকলক সম্বৰ্ধনা জনায় ৷

No comments