Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপি চৰকাৰৰ সময়ত মূল্য বৃদ্ধিয়ে কোঙা কৰিছে ৰাইজকঃ হাজোত কংগ্ৰেছৰ “ অসম বচাও অভিযান”ত ৰকিবুল হুছেইন

  গণ বাৰ্তা, হাজো, ২২ ফেব্ৰুৱাৰী ঃ বিজেপি চৰকাৰৰ সময়ছোৱাত পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ...

 


গণ বাৰ্তা, হাজো, ২২ ফেব্ৰুৱাৰী ঃ বিজেপি চৰকাৰৰ সময়ছোৱাত পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক।  — এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইনৰ। আজি হাজোত কংগ্ৰেছ দলৰ ‘অসম বচাওঁ অভিযান’ শীৰ্ষক এক সজাগতা সভাত অংশগ্ৰহণ কৰি এনেদৰে কয় প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি হুছেইনে। হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগটা শিমলুতল চ’ক-বজাৰত অনুষ্ঠিত এক সজাগতা সভাত অংশ গ্ৰহণ কৰি উপ-সভাপতি হুছেইনে পুনৰ কয়— বিজেপিৰ জাতি-মাটি-ভেটি কেৱল এটা শ্লে­াগানহে, সৰ্বানন্দ সোণোৱাল এই ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে। বিজেপিৰ এনে আভুৱা-ভাঁৰা মিথ্যাচাৰ সম্প্ৰতি ৰাজ্যৰ জনসাধাৰণে বুজি উঠিছে। বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ পুনৰ কয়- বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাসকলক গুলীয়াই মৰাৰ ভাবুকি দিয়ে এইখন চৰকাৰে। যাৰ জ্বলন্ত উদাহৰণ হিচাপে তেওঁ ‘কা’ৰ বিৰোধিতা কৰি প্ৰাণ হেৰুৱাবলগীয়া লোকৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা বুলিও ভাষণত প্ৰকাশ কৰে।

 হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলীয়ে আঁত ধৰা এই সজাগতা সভাত সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ কৰিব বুলি উল্লেখ কৰি উপ-সভাপতি হুছেইনে ৰাইজ কংগ্ৰেছমুখী হৈছে বুলি সদৰী কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন, খগেন কলিতা, দিলীপ শৰ্মা, ৰমেন বৰঠাকুৰ, বাপুকণ আলী, মানস বৰা, দ্বীপেন পাঠক, জেনিফাৰ হুছেইন, মৃদুল মালাকাৰ, মনচূপ আলী, মুকুল আহমেদকে ধৰি প্ৰায় দুই শতাধিক নেতা-কৰ্মীৰ অংশগ্ৰহেণৰে প্ৰথমে হাজোৰ মুছলিমপ¿¸ট্টত উপস্থিত হৈ ঐতিহাসিক পিতল শিল্পৰ সৈতে জড়িত একাংশ শিল্পীৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। ইয়াৰ পিছত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত উপস্থিত হৈ একাংশ ফুল-মালা ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰি পুনৰ হাজো নয়নপুৰৰ নতুন তেল ডিপো আৰু কলিতাকুছি চ’কত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

No comments