গন বাৰ্তা খাৰুপেটীয়া, ১৯ ফেব্ৰুৱাৰী: পাচ বছৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছইনে আধাৰশিলা স্হাপন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা শীতলীকৰণ গৃহ...
গন বাৰ্তা খাৰুপেটীয়া, ১৯ ফেব্ৰুৱাৰী: পাচ বছৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছইনে আধাৰশিলা স্হাপন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা শীতলীকৰণ গৃহ আজি উদ্ধোধন কৰিলে মংগলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসে । কৃষি ক্ষেত্ৰত ৰাজ্যখনত অগ্ৰনী ভূমিকা পালন কৰা দৰঙৰ খাৰুপেটীয়াত আজি শীতলীকৰন গৃহ এটা উদ্ধোধন কৰা হয়৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলক্ষেত্ৰত অসমৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু ৰাজ্যিক খাদ্য সংশোধন উদ্যোগ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে শীতলীকৰন ভঁৰালটো কৃষকৰ মাজত উদ্বোধন কৰি কৃষকক উৎসৰ্গা কৰাৰ পিছত খাৰুপেটীয়াত নিৰ্মিত এই ভঁৰালৰ দ্বাৰ উন্মোচন কৰে মংগলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে৷
কৃষিপ্ৰধান অঞ্চল খাৰুপেটীয়াত নিৰ্মিত ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৰন গৃহটো উদ্ধোধনী অনুষ্ঠানত দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, কৃষি বিপনন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, জিলা কৃষি বিষয়া উদ্ধৱ ডেকা উপস্থিত থাকে৷ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই কয় শীতলীকৰন গৃহটোৱে কৃষকৰ বহুদিনীয়া অভাৱ পূৰন কৰিব৷ শীতলীকৰন ভৰালটোত অঞ্চলটোৰ কৃষকে তেওলোকৰ উৎপাদিত ফচল সমূহ বহুদিনলৈ পচি নোযোৱাকৈ ৰাখিব পাৰিব৷ আনহাতে বিধায়ক গুৰুজ্যোতি দাসে শীতলীকৰন গৃহটো উদ্বোধন কৰি তেওঁৰ কাৰ্যকালৰ এটি উল্লেখযোগ্য সফল কাম বুলি সভাত কয়৷ উল্লেখ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত যোৱা তাৰিখে প্ৰাক্তন কৃষিমন্ত্ৰী ৰকিবুল হুছেইনে আধাৰশিলা স্থাপন কৰি পাঁচ বছৰ পূৰ্বে নিৰ্মানৰ কাম আৰম্ভ কৰিছিল আৰু আজি বিধায়ক গুৰুজ্যোতি দাসে উদ্ধোধন কৰে ।
No comments