Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজলগাঁৱত সংবাদমেলযোগে বঙ্গ ভাষা বিকাশ মঞ্চৰ আত্মপ্ৰকাশ

সঞ্জয় সৰকাৰ , কাজলগাঁও , ২৮ ফেব্ৰুৱাৰী : বিটিআৰৰ লগতে অসমত বাংলা ভাষা , সাহিত্য , সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে 'বঙ্গ ভাষা বিকাশ মঞ্চ' ...


সঞ্জয় সৰকাৰ , কাজলগাঁও , ২৮ ফেব্ৰুৱাৰী
: বিটিআৰৰ লগতে অসমত বাংলা ভাষা , সাহিত্য , সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে 'বঙ্গ ভাষা বিকাশ মঞ্চ' নামেৰে এক নতুন সাহিত্য মঞ্চ আত্মপ্ৰকাশ কৰিছে । আজি দুপৰীয়া ১২ বজাত চিৰাং জিলা সদৰ কাজলগাঁওস্থিত বড়োলেণ্ড গেষ্ট হাউচত নৱগঠিত বঙ্গ ভাষা বিকাশ মঞ্চৰ তৰফৰ পৰা এক সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰে । মঞ্চৰ সভাপতি ড° ৰাজীব কুমাৰ সাহা আৰু সম্পাদক মুকুল চন্দ্ৰ ৰায়ে সংবাদমেল সম্বোধন কৰি কয় যে , নৱগঠিত এই মঞ্চটোৱে বিটিএডিৰ লগতে অসমত বাংলা ভাষা - সাহিত্য - সংস্কৃতিৰ বিকাশৰ দিশত কাম কৰিব । লগতে সাহিত্য সংস্কৃতিৰ এই মঞ্চটোৱে অনগত সময়ত প্ৰচাৰ বিমুখ শিল্পী , সাহিত্যিকৰ সৃষ্টিসমুহ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াত সহায়ক হ'ব বুলিও মন্তব্য কৰে । উল্লেখ্য যে , বিটিএডিৰ চাৰিওখন জিলাৰ যথেষ্টসংখ্যক বুদ্ধিজীবী , শিক্ষাবিদ আৰু সমাজকৰ্মীৰ উপস্থিতিত যোৱা ২০২০ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত এক সভাৰ মাধ্যমেৰে এই মঞ্চ গঠন কৰা হৈছিল ।

No comments